ETV Bharat / state

ডিব্ৰুগড়ৰ খোৱাঙত বানৰ বিভীষিকা: ফেনে ফুটুকাৰে বাঢ়িছে বুঢ়ীদিহিঙৰ পানী - Flood in Dibrugarh

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও অপৰিৱৰ্তিত বান পৰিস্থিতি(Flood situation in Assam) । কমা নাই নৈ-উপনৈৰ জলপৃষ্ঠ । বিভিন্ন স্থানত ভাঙিছে বান্ধ । ডিব্ৰুগড়ৰ খোৱাঙত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বুঢ়ীদিহিং নদীয়ে(Water level of the Burhi Dihing is rising steadily) । বুৰাইছে খোৱাঙৰ বিস্তীৰ্ণ অঞ্চল ।

flood affected dibrugarh khawang
ডিব্ৰুগড়ৰ খোৱাঙত বানৰ বিভীষিকা: ফেনে ফুটুকাৰে বাঢ়িছে বুঢ়ীদিহিঙৰ পানী
author img

By

Published : Jul 2, 2022, 10:18 AM IST

মৰাণ, ২ জুলাই: এতিয়াও আঁতৰা নাই বান বিভিষিকা(Flood situation in Assam) । কোনো কোনো প্ৰান্তত পানী কিছু কমিছে যদিও এতিয়াও বানৰ কবলত বিস্তীৰ্ণ অঞ্চল । ইফালে এতিয়াও ফেনে ফুটুকাৰে বাঢ়ি আছে বিভিন্ন নৈ উপনৈৰ জলপৃষ্ঠ । একেদৰে বুঢ়ীদিহিং নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নদীখনে ।

ডিব্ৰুগড় জিলাৰ খোৱাঙৰ বুঢ়ীদিহিং নদীৰ ভগ্ন ৰিং বান্ধেৰে পানী সোমাই বুৰাই পেলালে খোৱাঙৰ তিনিখনকৈ গাঁ‌ও(Water level of the Burhi Dihing is rising steadily) । হালধিবাৰী অঞ্চলৰ ১নং মইনা গাঁ‌ও, ২নং মইনা গাঁ‌ও আৰু বৰবিলৰ এটা অঞ্চল বৰ্তমান পানীৰ তলত । তিনিওখন গাঁ‌ৱৰ ৭০ টাৰো অধিক পৰিয়ালে এতিয়া বাঢ়নী পানীৰ কবলত পৰি হাঁহাকাৰ কৰিব লগা হৈছে । গাঁ‌ওখনৰ মূল পথটো বুৰাই পেলোৱাত এতিয়া টুলুঙা নাওখনেই যাতায়তৰ একমাত্ৰ ভৰসা হৈ পৰিছে গাঁওবাসীৰ বাবে ।

ডিব্ৰুগড়ৰ খোৱাঙত বানৰ বিভীষিকা: ফেনে ফুটুকাৰে বাঢ়িছে বুঢ়ীদিহিঙৰ পানী

উল্লেখ্য যে প্ৰায় ২ বছৰ আগতেও খোৱাঙৰ মইনা গাঁ‌ৱত বুঢ়ীদিহিং নদীৰ ৰিং বান্ধটো ছিগিছিল বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে । এই ভগ্ন ৰিং বান্ধটো দুটা বছৰে কোনো মেৰামতি নকৰাৰ ফলতেই পুনৰ বুঢ়ীদিহিং নদীৰ পৰা হোৰা-হোৰে পানী সোমাই প্লাৱিত কৰিছে বিস্তীৰ্ণ অঞ্চলটো । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি জল সম্পদ বিভাগৰ লোকে ভগ্ন অংশ বাৰে বাৰে জোখ-মাখ কৰি নিছিল যদিও আজি পৰ্যন্ত মেৰামতিৰ কোনো ব্যৱস্থা নকৰিলে ।

যাৰ ফলত দুৰ্ভোগ ভুগিব লগা হৈছে ৰাইজে । ঘৰৰ পিৰালি তথা বহুকেইটা পৰিয়ালৰ ঘৰৰ ভিতৰতো সোমাইছে পানী । গৰু, ছাগলী, গাহৰি আদি পোহনীয়া জীৱ-জন্তুবোৰক ৰিং বান্ধৰ ওপৰতে আশ্ৰয় দিছে বন্যাৰ্ত ৰাইজে । এনেদৰেই যদি পানী বাঢ়ি থাকে তেন্তে অধিক ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।

আনহাতে মৰাণ সমষ্টিৰ বিধায়কৰ লগতে প্ৰশাসনৰ তৰফৰ পৰা ৰাইজক কিছু সাহায্য প্ৰদান কৰিছে যদিও পশুধনৰ বাবে কোনো খাদ্য যোগান ধৰা নাই বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । অন্যহাতে কৃষিজীৱী অঞ্চলটোৰ প্ৰায়সংখ্যক লোকৰে কঠীয়া বানে বুৰাই পেলোৱাত চিন্তিত হৈ পৰিছে কৃষকসকল ।সমগ্ৰ বান পৰিস্থিতি বুজলৈ বানাক্ৰান্ত ৰাইজক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়ে । লগতে অতি শীঘ্ৰে ভগ্ন ৰিং বান্ধটো মেৰামতি কৰাৰো আশ্বাস প্ৰদান কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক: Ganja seized in Nazira: শিমলুগুৰিত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.