ETV Bharat / state

এসময়ত পাচলি বিক্ৰী কৰা ল'ৰাটোৰ ফলাফলত গৌৰাৱাম্বিত অঞ্চলবাসী - অভিযন্তা হোৱাৰ মন উত্তম দাসৰ

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী, সমাজ-বিজ্ঞান, সাধাৰণ- বিজ্ঞান আৰু হিন্দী বিষয়ত লেটাৰ মাৰ্ক সহ ৮১ শতাংশ নম্বৰেৰে উৰ্ত্তীৰ্ণ হৈছে উত্তম দাস নামৰ ছাত্ৰজন ৷ উত্তমৰ সপোন বিজ্ঞান শাখাত অধ্যয়ন কৰি ভৱিষ্যতে এজন ভাল অভিযন্তা হোৱাৰ ৷

Uttam Das of Naharkatia achive 81 percent marks in HSLC examination
এসময়ত পাচলি বিক্ৰী কৰা ল'ৰাটোৱে মেট্ৰিকত লাভ কৰিলে ৮১ শতাংশ নম্বৰ
author img

By

Published : Jun 8, 2020, 12:15 PM IST

নাহৰকটীয়া ,8 জুন: দৰিদ্ৰতাকো নেওচি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ চাচনীৰ টিংৰাই কৈৰ্ৱত্ত গাঁৱৰ এজন ছাত্ৰৰ সফলতা ৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী, সমাজ-বিজ্ঞান, সাধাৰণ- বিজ্ঞান আৰু হিন্দী বিষয়ত লেটাৰ নম্বৰ সহ ৮১ শতাংশ নম্বৰেৰে উৰ্ত্তীৰ্ণ হৈছে উত্তম দাস নামৰ ছাত্ৰজন ৷ উত্তমৰ সপোন বিজ্ঞান শাখাত অধ্যয়ন কৰি ভৱিষ্যতে এজন ভাল অভিযন্তা হোৱাৰ ৷ কিন্তু তেওঁৰ ভৱিষ্যতৰ এই সপোনত এতিয়া বাধাৰ প্ৰাচীৰ হৈ পৰিছে দৰিদ্ৰতা ৷ যাৰ বাবে ছাত্ৰ জনৰ সফলতাই আনন্দ দিয়াৰ বিপৰীতে দুগুণ চিন্তাতহে পেলাইছে পিতৃ মাতৃক ৷ কাৰণ ছাত্ৰজনক উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াত অপাৰগ দিন হাজিৰা কৰি পৰিয়াল পোহ-পাল দিয়া পিতৃ ৷ বাৰীৰ শাক পাচলি মাহত এবাৰকৈ বজাৰত বিক্ৰী কৰি পোৱা ধনেৰে ঘৰখন চলাই নিছে উত্তমৰ পিতৃয়ে ৷ উপায়হীন হৈ ছাত্ৰ জনক আগুৱাই নিবৰ বাবে কোনো সুহৃদয়ৱান লোকৰ সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে ছাত্ৰ গৰাকীৰ মাতৃয়ে ৷

এসময়ত পাচলি বিক্ৰী কৰা ল'ৰাটোৱে মেট্ৰিকত লাভ কৰিলে ৮১ শতাংশ নম্বৰ

উল্লেখ্য যে, পাৰিয়ালটোৰ আৰ্থিক দুৰৱস্থাৰ বাবেই এদিন উত্তমে লিখা পঢ়া এৰি বজাৰে বজাৰে বিক্ৰী কৰিছিলেগৈ শাক-পাচলি ৷ মেধাৱী ছাত্ৰজনক বজাৰত চকুত পৰাত এগৰাকী শিক্ষাগুৰুৱে পুনৰ পঢ়াৰ ব্যৱস্থা কৰি দিছিল ৷ তাৰ পাছৰ পৰাই দুগুণ উৎসাহেৰে অধ্যয়ন কৰি এই সফলতা কঢ়িয়াই আনিছে ছাত্ৰজনে ৷ শেহতীয়াকৈ ধুমুহাই ছাত্ৰজনৰ ঘৰটো ভঙাৰ পিছতো দৰিদ্ৰ পৰিয়ালটোৰ খবৰ এটা ল'বলৈ আহৰি নোপোৱা নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱাললৈ আজিও বাট চাই ৰৈছে উত্তমৰ মাতৃয়ে ৷ লগতে উত্তমৰ ভৱিষ্যতৰ স্বাৰ্থত বিধায়কে খবৰ এটা ল'লে সুখী হ'ব বুলি জনাইছে উত্তমৰ পিতৃ মাতৃয়ে ৷ ইফালে ছাত্ৰজনৰ এই সফলতাত আনন্দিত হৈ পৰিছে ছাত্ৰজনে অধ্যয়ন কৰা যমুনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাগুৰু ৷ উত্তমক এক উজ্বল ভৱিষ্যতৰ দিশে আগবঢ়াই নিবলৈ সকলো দল সংগঠন আৰু স্থানীয় বিধায়কক আহ্বান জনাইছে যমুনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে ৷

লগতে পঢ়কঃ দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল নামতিৰ ময়ূৰ পংখী গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.