ETV Bharat / state

Bagh Hazarika Controversy: সাময়িক লাভালাভৰ স্বাৰ্থত অসমৰ সম্প্ৰীতি নাভাঙিবলৈ মুখ্যমন্ত্ৰীক আহ্বান - উজনি অসম মুছলিম কল্যাণ পৰিষদ

বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ বুলি মুখ্যমন্ত্রীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে ডিব্ৰুগড়তো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ(CM Himanta remark about Bagh Hazarika) ৷ সাময়িক লাভালাভৰ স্বাৰ্থত যাতে অসমৰ সম্প্ৰীতিৰ উদাহৰণ নাকচ নকৰে তাৰ বাবে মুখ্যমন্ত্ৰীক কৰযোৰে আহ্বান জনায় উজনি অসম মুছলিম কল্যাণ পৰিষদে ৷

Bagh Hazarika Controversy
উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সদস্য
author img

By

Published : Jan 11, 2023, 10:08 PM IST

Updated : Jan 11, 2023, 10:23 PM IST

উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সদস্য

ডিব্ৰুগড়, ১১ জানুৱাৰী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ(Himanta Biswa Sarma on Bagh Hazarika) বুলি কৰা মন্তব্যক লৈ সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । উজনি অসম মুছলিম কল্যাণ পৰিষদ আৰু বাঘ হাজৰিকা ফাউণ্ডেশ্যনে মুখ্যমন্ত্রীৰ এই মন্তব্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে । তেওঁলোকে ডিব্ৰুগড়ত এক সংবাদমেল আহ্বান জনাই বাঘ হাজৰিকাৰ বুৰঞ্জী সমৃদ্ধ তথ্যসমূহ আগবঢ়াই তেওঁৰ বাস্তৱতাকলৈ যুক্তি দাঙি ধৰে(Bagh Hazarika Controversy) ।

তেওঁলোকে সংবাদমেলত বাঘ হাজৰিকা যদি অসমৰ বুৰঞ্জীত নাই তেন্তে বাঘ হাজৰিকাৰ মূৰ্তিসমূহ কুঠাৰ মাৰি ভাঙি পেলাই দিব লাগে বুলি চৰকাৰক দাবী জনায় । তদুপৰি প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে ২০১৭ চনৰ বিধানসভাৰ শীতকালীন অধিৱেশনত লাচিত বৰফুকনৰ লগত একত্রিত হৈ বাঘ হাজৰিকাই প্ৰৱল পৰাক্ৰমেৰে শৰাইঘাটৰ যুদ্ধত মোগলক পৰাভূত কৰা দিয়া বক্তব্য দাঙি ধৰিছিল(Bagh Hazarika in Assam History) ৷ তেওঁলোকে ইয়াৰ ৰেকৰ্ডিং সংবাদমেলত তথ্য হিচাপে দাঙি ধৰি কয়, এইটো বিধানসভাৰ মজিয়াত ৰেকৰ্ড হৈ থাকি যোৱা ভাষ্য ।

তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনায় কয় যে, সৰ্বানন্দ সোণোৱালে যদি বিধানসভাত দিয়া এই ভাষ্য মিছা, তেন্তে বিধান গেজেটত ৰেকৰ্ড থকা সেই ভাষ্যও ৰিমোভ কৰি দিয়ক । যদি বাঘ হাজৰিকা নাছিল তেন্তে ইতিহাস বিকৃত কৰাটো মুখ্যমন্ত্রীৰ দৰে অসমীয়া মুছলমানেও নিবিচাৰে বুলি মন্তব্য কৰি পৰিষদে অসমৰ বিভিন্ন প্ৰান্তত লাচিত বৰফুকনৰ লগত একেলগে থকা বাঘ হাজৰিকাৰ প্ৰতিমূৰ্তিসমূহ হাতুৰি লৈ ভাঙি পেলাবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় ৷

কল্যাণ পৰিষদ আৰু বাঘ হাজৰিকা ফাউণ্ডেশ্যনৰ বিষয়ববীয়াই সংবাদমেলৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীক অসমৰ সাতামপুৰুষীয়া সম্প্রীতি নাভাঙিবলৈ আহ্বান জনায়(Communal clash in Assam) ৷ তেওঁলোকে উঠি অহা প্ৰজন্মক ভুলপথেৰে পৰিচালিত নকৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় ৷ যদি বাঘ হাজৰিকা সঁচাকৈয়ে কাল্পনিক চৰিত্ৰ তেন্তে এই মন্তব্যৰ আঁৰৰ তথ্যসমূহ তথা এই বিষয়ে ক’ত উল্লেখ আছে তাক দাঙি ধৰিবলৈও মুখ্যমন্ত্ৰীক আহ্বান জনায় ৷

সংবাদমেলত অসম মুছলিম কল্যাণ পৰিষদ কাৰ্যকৰী সভাপতি মনিৰুল ইছলাম বৰা, বৰেণ্য শিল্পী চৈয়দ চাদুল্লাহ, বাঘ হাজৰিকাৰ দশম পৰিনাতি তথা বাঘ হাজৰিকা ফাউণ্ডেশ্যনৰ কাৰ্যকৰী সভাপতি এ এন চালেহউদ্দিন আহমেদ হাজৰিকা, বাঘ হাজৰিকা ফাউণ্ডেশনৰ সাংগঠনিক সম্পাদক আচিফ আহমেদ হাজৰিকাও উপস্থিত আছিল ৷

লগতে পঢ়ক: MLA Diganta Kalita slams Akhil Gogoi: অখিল গগৈক ফাঁকিবাজ আখ্যা দিগন্ত কলিতাৰ

Last Updated : Jan 11, 2023, 10:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.