ETV Bharat / state

Deforestation at Duliajan: ‘‘অমৃত বৃক্ষ আন্দোলন’’ৰ বিপৰীতে বন ধ্বংসযজ্ঞ দুলীয়াজানত - Amrit Brikha Andolan 2023

এফালে ‘‘অমৃত বৃক্ষ আন্দোলন’’ আনফালে বন ধ্বংসযজ্ঞ চলিছে দুলীয়াজানত ৷ দুলীয়াজানৰ উষাপুৰ অইলৰ এলেকাত চলিছে বন ধ্বংসযজ্ঞ ৷ নিৰ্বিকাৰ বন বিভাগ ৷

Deforestation at Duliajan
বন ধ্বংসযজ্ঞৰে দুলীয়াজানত অমৃত বৃক্ষ আন্দোলন
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 7:02 PM IST

বন ধ্বংসযজ্ঞৰে দুলীয়াজানত অমৃত বৃক্ষ আন্দোলন

ডিব্ৰুগড়, 19 ছেপ্টেম্বৰ : ৰাজ্যখনত সেউজ আৱৰণ বৃদ্ধিৰ বাবে অসম চৰকাৰে "অমৃত বৃক্ষ আন্দোলন" কাৰ্যসূচীৰ অধীনত সমগ্ৰ অসমতে 1 কোটি গছপুলি ৰোপণৰ এক পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ অংশ স্বৰূপে ৰাজ্য চৰকাৰৰ সহযোগত ডিব্ৰুগড় প্ৰশাসনে নামৰূপৰ অভয়পুৰ গাঁৱত 25 একৰ মাটিত মাত্ৰ এক ঘণ্টাত 3 লাখ 50 হাজাৰ গছপুলি ৰোপণেৰে বিশ্ব অভিলেখ স্থাপন কৰিছিল । 17 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈ ৰাজ্যত ‘‘অমৃত বৃক্ষ আন্দোলন’’ চলি থাকিব ৷ কিন্তু বৃক্ষৰোপণ কাৰ্য কেৱল অভিলেখৰ বাদে যেন একোৱে নাছিল ৷

এফালে ৰাজ্য চৰকাৰে ‘‘অমৃত বৃক্ষ আন্দোলন’’ আৰম্ভ কৰা সময়ত ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ উষাপুৰত অৱস্থিত অইলৰ এলেকাত চলিছে বন ধ্বংসযজ্ঞ। দুলীয়াজানৰ কাষৰীয়া অঞ্চল উষাপুৰ মাজবামত অৱস্থিত অইলৰ NHK 638 হাই প্ৰেচাৰ সুৰক্ষিত এলেকাত বন ধ্বংস কৰিছে একাংশ দুস্কৃতিকাৰীয়ে । অইল নিৰাপত্তা বাহিনীৰ লগতে কাষতে আছে বন বিভাগৰ কাৰ্যালয় । ইয়াৰ পাচতো একাংশ দুস্কৃতিকাৰীয়ে বহু মূল্যৱান গছ কাটি শেষ কৰাক লৈ দুলীয়াজানত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

ইয়াৰ ওপৰিও দুলীয়াজানৰ বিভিন্ন প্ৰান্তত দৈনিক নতুন নতুন অবৈধ কাঠৰ মিল গঢ় লৈ উঠাৰ অভিযোগ উত্থাপন হৈছে । বন ধ্বংস কাৰ্যত অইল নিৰাপত্তা বাহিনী আৰু বনবিভাগৰ গোপন বুজাবুজি আছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । আনহাতে ৰাইজৰ অভিযোগৰ পাচতে বন বিভাগৰ বিষয়া উপস্থিত হৈ কটা গছসমূহ জব্দ কৰে ।

এতিয়া প্ৰশ্ন উত্থাপিত হয়, গছ কটা ৰোধ কৰিব নোৱাৰা বন বিভাগে তথা চৰকাৰে চলোৱা ‘‘অমৃত বৃক্ষ আন্দোলন’’ কাৰ্যসূচী কিমান প্ৰাসংগিক !

লগতে পঢ়ক:Firing incident at Naharkatia : দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলীৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.