ETV Bharat / state

আৰক্ষীৰ গুলীত আহত ভূপেন বৰুৱাক ডিব্ৰুগড়ৰ AMC ত ভৰ্তি

author img

By

Published : Jul 13, 2021, 7:14 PM IST

আলফাৰ লিংকমেন ভূপেন বৰুৱাই আত্মসমৰ্পন কৰাৰ পাচতে আৰক্ষীৰ গুলীত আহত হয় ৷ বৰ্তমান ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় (AMC)ত চিকিৎসাধীন হৈ আছে ভূপেন বৰুৱা ৷

Bhupen Baruah injured in police firing
আৰক্ষীৰ গুলীত আহত ভূপেন বৰুৱাক ডিব্ৰুগড়ৰ AMC ত ভৰ্তি

ডিব্ৰুগড়, 13 জুলাই : আৰক্ষীৰ গুলিত আহত ভূপেন বৰুৱা নামৰ যুৱকজনক বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয় (Assam Medical College)ত উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে ৷ বাওঁফালৰ ভৰিত গুলি লগা ভূপেন বৰুৱাৰ পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে চিকৎসকে ৷ ইফালে, শীঘ্ৰে অস্ত্ৰোপ্ৰচাৰ কৰিব বুলি জানিবলৈ দিছে ডাঃ প্ৰশান্ত দিহিঙীয়াই । নাজিৰাৰ লিগিৰীপুখুৰীৰ পৰা লৈ আহি সোমাবাৰে নিশা ভূপেন বৰুৱাক ভৰ্তি কৰা হৈছিল অসম চিকিৎসা মহাবিদ্যালয়ত ।

জানিব পৰা মতে, ভূপেন বৰুৱাই আলফাৰ লিংকমেন হিচাপে দীৰ্ঘদিনৰ পৰা কাম কৰি আহিছিল ৷ কিন্তু যোৱা দেওবাৰে আত্মাসমৰ্পন কৰিছিল ভূপেন বৰুৱাই ৷ অএনজিচি তিনি বিষয়া কৰ্মচাৰী ৰিতুল শইকীয়া, মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াৰ অপহৰণৰ লগত ভূপেন বৰুৱা জড়িত থকাৰ সন্দেহ কৰা হৈছিল ৷

দেওবাৰে আত্মসমৰ্পন কৰাৰ পাচতে শদিয়াত ভূপেন বৰুৱাক আটক কৰি নাজিৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে লৈ গৈছিল ৷ যুৱকজনৰ তদন্ত প্ৰক্ৰিয়া চলি থকা সময়তে আৰক্ষীৰ ছাৰ্ভিছ ৰিভলভাৰ কাঢ়ি লৈ ভূপেন বৰুৱাই পলায়ন কৰা চেষ্টা কৰিছিল বুলি শিৱসাগৰ আৰক্ষীৰ অধীক্ষকে জানিবলৈ দিছে ৷

আৰক্ষীৰ অধীক্ষকজনে সদৰি কৰা মতে আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে ভূপেন বৰুৱাক গুলিয়াই আহত কৰিবলৈ বাধ্য হয় ৷ আৰক্ষীৰ গুলিত আহত হোৱাৰ পাচতে ভূপেন বৰুৱাক তাৎক্ষণিকভাৱে লিগিৰীপুখুৰী স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় ৷ উন্নত চিকিৎসাৰ বাবে সোমবাৰে নিশা ভূপেন বৰুৱাক জিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় ৷

আত্মীয়ই সদৰি কৰা মতে খেতি-বাতি কৰি জীৱন নিবাহ কৰি আহিছিল ভূপেন বৰুৱাই ৷ তেখেতৰ দুগৰাকী কৈ সন্তানো আছে বুলি সদৰি কৰিছে ভূপেন বৰুৱাৰ আত্মীয়ই ৷ ভূপেন বৰুৱাই নিজ ইচ্ছা অনুসৰি আত্মসমৰ্পন কৰিছিল আৰু এই কথা পৰিয়ালৰ লোককো জনাইছিল ৷

লগতে পঢ়ক: মহিলাক অশালীন ব্যৱহাৰ কৰি ৰাইজৰ ৰোষত আধাৰ কাৰ্ড পঞ্জীয়ন কেন্দ্ৰৰ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.