ETV Bharat / state

ULFA I cadre surrendered: ডিব্ৰুগড়ত আলফা স্বাধীনৰ চাৰ্জেণ্ট মেজৰ প্ৰিয়ব্ৰত অসমৰ আত্মসমৰ্পণ - আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা

ডিব্ৰুগড়ত আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণ ৷ ডিব্ৰুগড়ত আৰক্ষীৰ ওচৰত আত্মৰ্সমপণ আলফা(স্বা)ৰ চাৰ্জেন্ট বিজু বাগটি ওৰফে প্ৰিয়ব্ৰত অসমৰ ৷

Ulfa cader surrenderd
আলফা স্বাধীনৰ কেডাৰ প্ৰিয়ব্ৰত অসমৰ আত্মসমৰ্পণ
author img

By

Published : Jun 13, 2023, 10:42 AM IST

ডিব্ৰুগড়, 13 জুন: পুনৰ আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণ ৷ এইবাৰ ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে বিজু বাগটি ওৰফে প্ৰিয়ব্ৰত অসম নামৰ আলফা স্বাধীনৰ কেডাৰগৰাকীয়ে ৷ আলফা (স্বাঃ)ৰ চাৰ্জেন্ট মেজৰ আছিল প্ৰিয়ব্ৰত অসম ৷ সোমবাৰে আত্মসমৰ্পণ কৰে প্ৰিয়ব্ৰত অসমে ৷

উল্লেখ্য যে, 2011 চনত আলফা স্বাধীনত যোগদান কৰিছিল এই কেডাৰজনে ৷ প্ৰিয়ব্ৰত অসমৰ ঘৰ ডিব্ৰুগড়ৰ চেপনৰ নাহৰণি গাঁৱত বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বিজু বাগটি ওৰফে প্ৰিয়ব্ৰত অসমক ৷ আলফা স্বাধীনৰ এক উচ্চস্তৰীয় সূত্ৰই ইটিভি ভাৰতক সদৰী কৰা তথ্য অনুসৰি চাৰি মাহ পূৰ্বে ম্যানমাৰস্থিত মুখ্য শিবিৰৰ পৰা পলায়ন কৰিছিল প্ৰিয়ব্ৰত অসমে ৷ আনহাতে পূৰ্বেও এবাৰ পলায়নৰ প্ৰচেষ্টা চলাইছিল প্ৰিয়ব্ৰতে ৷

উল্লেখ্য যে, শেহতীয়াকৈ তিনিচুকীয়া, ডিব্ৰুগড়কে ধৰি বিশেষকৈ উজনি অসমৰ জিলা কেইখনৰ পৰা বহু যুৱক-যুৱতীয়ে সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোত যোগদান কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ তাৰ মাজতে আত্মসমৰ্পণ কৰিছে এইগৰাকী কেডাৰে ৷ মন কৰিবলগীয়া যে এই বৰ্ষৰ জানুৱী মাহৰ প্ৰথম দিনটোতে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ আলোচনাসূচক বাৰ্তা প্ৰেৰণ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ পৰেশ বৰুৱাইয়ো সংবাদ মাধ্যমৰ যোগেদি সাৰ্বভৌমত্বৰ দাবীৰ পৰা বিচলিত নোহোৱাকৈ আলোচনাৰ পোষকতা কৰিছিল যদিও হঠাৎ যতি পৰিল আলোচনাৰ প্ৰসংগত ৷

সম্প্ৰতি আলফা স্বাধীনে অব্যাহত ৰাখিছে কেডাৰ ভৰ্তি প্ৰক্ৰিয়া ৷

লগতে পঢ়ক : Manipur violence : মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত বুধবাৰে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.