ETV Bharat / state

ফান্দত পৰিল মাছৰ গাড়ীৰ পৰা ধন দাবী কৰা জিলা আছুৰ শিক্ষা সম্পাদক সহ এজন

author img

By

Published : Nov 22, 2021, 6:48 PM IST

পুনৰ আছুৰ গৰিমাত কালিমা সানিলে ছাত্ৰ নেতাই ৷ মাছৰ গাড়ীৰ পৰা ধন দাবী কৰা এই দুই ছাত্ৰ নেতাৰ সবিশেষ জানো আহক ৷

two-aasu-leader-arrested-for-demanding-money-at-namrup
ফান্দত পৰিল মাছৰ গাড়ীৰ পৰা ধন দাবী কৰা জিলা আছুৰ শিক্ষা সম্পাদক সহ এজন

মৰাণ, 22 নবেম্বৰ : অসমৰ ৰাইজৰ হিয়াৰ আমঠু এটা জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা ৷ বিভিন্ন সময়ত বিভিন্ন জাতীয় সমস্যা সমাধানত চৰকাৰ ব্যৰ্থ হ’লে ৰাইজে সদৌ অসম ছাত্ৰ সন্থা(আছু)ৰ মুখলৈ বাট চাই ৰয় ৷ জাতীয় সংগঠনটোৱেও ৰাইজৰ প্ৰতিটো আবেগ অনুভূতিৰ প্ৰতি সহাৰি জনাই এই বিষয় সমূহক লৈ আন্দোলন কৰি সমাধানৰ চেষ্টা কৰি আহিছে ৷ ছবছৰীয়া অসম আন্দোলনৰ পৰা শেহতীয়া নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনলৈ আছুৰ আছে এক গৌৰৱময় ইতিহাস ৷

পিছে, হাজাৰ জনৰ আশা-ভৰষাৰ থল হোৱা এই জাতীয় সংগঠনটোৰ গৰিমাত বিভিন্ন সময়ত কালিমা সানি আহিছে বিভিন্ন জনে ৷ শেহতীয়াকৈ এনে এক ঘটনাই পুনৰ লজ্জিত কৰিছে আছুক, এইবাৰ মাছ কঢ়িওৱা গাড়ীৰ পৰা ধনদাবী কৰি ৰঙাঘৰৰ আলহী হ'ল নামৰূপ আছুৰ দুই ছাত্ৰ নেতা । অভিযোগ অনুসৰি, নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সত্যপ্ৰতিম ৰাজপুত আৰু উপদেষ্টা তথা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মানসজ্যোতি চাংমাইয়ে দেওবাৰে চৰাইদেও জিলাৰ বৰহাটৰ পৰা নামৰূপলৈ বুলি মাছ কঢ়িয়াই অনা এখন বাহনৰ পৰা ৩০ হাজাৰ টকা দাবী কৰে ।

এই ৩০ হাজাৰ টকা মাছৰ গাড়ীখনে দিবলৈ অসন্মতি প্ৰকাশ কৰাত পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈকে নামৰূপ আছুৰ কাৰ্যালয় সন্মুখত মাছৰ গাড়ীখন আবদ্ধ কৰে দুই ছাত্ৰ নেতাই । ইফালে বহু সময় ধৰি মাছৰ গাড়ীখন আবদ্ধ কৰি ৰখাৰ ফলত গাড়ী থকা মাছ সমূহ গেলিবলৈ ধৰাত উপায়হীন হৈ মাছ ব্যৱসায়ী জনৈক ছেত্ৰীয়ে নামৰূপ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ।

ইতিমধ্যে এই গোচৰৰ ভিত্তিত নামৰূপ আৰক্ষীয়ে ৰুজু কৰা ভাৰতীয় দণ্ডবিধিৰ ১৪৩/৩৪১/৩৪২/৩৮৬ ধাৰাৰ অধীনত ১৫৩/২১ নম্বৰৰ গোচৰত নামৰূপ আছুৰ ভাৰপ্ৰাপ্ত সভাপতি সত্যপ্ৰতিম ৰাজপুত আৰু উপদেষ্টা তথা জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মানসজ্যোতি চাংমাইক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Assam Cabinet at Bongaigaon: মন্ত্ৰীবৰ্গলৈ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.