ETV Bharat / state

নাহৰকটীয়াত লাইনচ্যুত মালবাহী ৰে'লঃ 5 দিনলৈ ব্যাহত ৰেলসেৱা - নাহৰকটীয়াত লাইনচ্যুত মালবাহী ৰে'ল

তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা চাউল দালি কঢ়িয়াই নিয়া এখন মালবাহী ৰে'ল গাড়ীৰ নাহৰকটীয়া বাঁহধাৰী গাঁৱত ৫ টাকৈ ডবা লাইনৰ পৰা বাগৰি পৰে ৷ তাৰ পাচতেই হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ৷

নাহৰকটীয়া
নাহৰকটীয়াত লাইনচ্যুত হৈ বাগৰিল মালবাহী ৰে'ল
author img

By

Published : Dec 8, 2019, 12:42 PM IST

ডিব্ৰুগড়, 8 ডিচেম্বৰঃ নাহৰকটীয়া বাহধাৰী গাঁৱত সংঘটিত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা । ৫ টাকৈ ডবা লাইনচ্যুত হোৱাত নষ্ট হয় বহু পৰিমাণৰ চাউল আৰু দাইল ৷ দুৰ্ঘটনাৰ ফলত 5 দিনলৈ বন্ধ হৈ পৰিব উজনিমুৱা নামনিমুৱা ৰে'ল সেৱা ।

নাহৰকটীয়া
নাহৰকটীয়াত লাইনচ্যুত হৈ বাগৰিল মালবাহী ৰে'ল

দেওবাৰে পুৱা তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা চাউল-দালি কঢ়িয়াই নিয়া এখন মালবাহী ৰে'ল গাড়ীৰ নাহৰকটীয়াৰ বাঁহধাৰী গাঁৱত ৫ টাকৈ ডবা লাইনৰ পৰা বাগৰি পৰে ৷ তাৰ পাচতেই হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, শনিবাৰে মেৰামতি কৰা হৈছিল ট্ৰেইনৰ ট্ৰেকটো । এই ট্ৰেইনৰ ট্ৰেকটোৱেদি কিছু সময় পূৰ্ৱে পাৰ হৈ গৈছিল ৰাজধানী এক্সপ্ৰেছৰ লগতে ডিব্ৰুগড় হাওৰা কামৰূপ এক্সপ্ৰেছ ৷ ফলত সৌভাগ্যক্ৰমে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বহু সংখ্যক যাত্ৰী ।

আনহাতে, দুৰ্ঘটনাৰ পাচতেই স্থানীয় লোকে চাউল দালিক লৈ এক অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰে যদিও ঘটনাস্থলীত নাহৰকটীয়া আৰক্ষী উপস্থিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ইফালে এই দুৰ্ঘটনাৰ ফলত 4- 5 দিনৰ বাবে ব্যাহত হৈ পৰিব উজনিমূৱা-নামনিমুৱা ৰে'ল সেৱা । আনহাতে ঘটনাস্থলীত ৰে'ল বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

আৰু পঢ়কঃ " শ্বহীদ দিৱস " এইবাৰ পালন নকৰে শ্বহীদ পৰিয়ালে

Intro:নাহৰকটীয়াত মালবাহী ৰেল লাইনচ্যুত হৈ বাগৰিল পথাৰতঃ
দেওবাৰে পুৱা নাহৰকটীয়া বাহধাৰী গাওঁত সংঘটিত হয় ভয়ংকৰ ৰেল দুৰ্ঘটনাত। ৫টাকৈ ডবা লাইনচুত হোৱাত নষ্ট হয় বহু পৰিমানৰ চাউল দাইল আৰু দুৰ্ঘটনাৰ ফলত ৫ দিনৰ বাবে বন্ধ হৈ পৰিব উজনিমূৱা নামনিমুৱা ৰেল সেৱা।

Vo - এক ভয়ংকৰ ৰেল দুৰ্ঘটনা ।কথমতি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল বহু সংখ্যক যাত্ৰী। হয় দেওবাৰে পুৱা তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখী গৈ থকা চাউল দালি কঢ়িয়াই নিয়া এখন মালবাহী ৰেল গাড়ী নাহৰকটীয়া বাহধাৰী গাওঁত ৫ টাকৈ ডবা লাইনৰ পৰা বাগৰি পৰে আৰু তাৰ পিছতই হাহাকাৰ পৰিস্থিতি সূষ্টি হয় সমগ্ৰ অঞ্চলটোত ।ইফালে স্থানীয় লোকে জানিবলৈ দিয়া মতে শনিবাৰে ট্ৰেইনৰ ট্ৰেকটো মেৰামতি কৰা হৈছিল। উল্লেখযোগ্য যে এই ট্ৰেইনৰ ট্ৰেকটোৱেদি কিছু সময় পূবে পাৰ হৈ গৈছিল ৰাজধানী এক্সপ্ৰেছৰ লগতে ডিব্ৰুগড় হাওৰা কামৰুপ এক্সপ্ৰেছ যাৰ ফলত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বহু সংখ্যক যাত্ৰী। এই দুৰ্ঘটনাৰ পিছতেই স্থানীয় লোকে চাউল দালিক লৈ এক অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰে যদিও ঘটনাস্থলীত নাহৰকটীয়া আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিৱেশ। ইফালে এই দুৰ্ঘটনাৰ ফলত ৪ - ৫ দিনৰ বাবে ব্যাহত হৈ পৰিব উজনিমূৱা নামনিমুৱা ৰেল সেৱা। আনহাতে ঘটনাস্থলীত ৰেল বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Byte - ৰেল বিষয়া
Byte - স্থানীয় লোক ।Body:DOConclusion:DO
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.