Assam Cabinet Decisions: নগাঁও-কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ বাবে ৩০৮.৭৫ কোটি টকা মুকলি
অসম ৰাজ্যিক কেবিনেটে মঙলবাৰে ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ শুৱালকুছি আৰু পলাশবাৰীৰ মাজৰ চাৰিলেনযুক্ত দলঙৰ বাবে ৩,১৯৭ কোটি টকাৰ অনুমোদন । আছাম ইনলেণ্ড ৱাটাৰ ৱেজ কোম্পানী লিমিটেড গঠন । গুৱাহাটীৰ নদীঘাটৰ আন্তঃগাঁঠনি উন্নত কৰাৰ বাবে ২৮৯.৪৫ কোটি টকাৰ অনুমোদন । নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ বাবে মোকলাই দিলে ৩০৮.৭৫ কোটি টকা । ১০০ জনক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি এসপ্তাহৰ ভিতৰত পূৰণৰ লক্ষ্য । মহাৰাষ্ট্ৰত নিৰ্মাণ হ'ব অসম কমপ্লেক্স (Assam complex in Maharastra)।
Eid ul fitre celebrates in assam: ৰাজ্যজুৰি ঈদৰ ব্যাপক উছাহ
অসমৰ ভিন্ন প্ৰান্তত ঈদৰ ব্যাপক উছাহ-উদ্দীপনা (Eid celebration in Assam) । মঙলবাৰে পুৱা মছজিদ আৰু ঈদগাহত নামাজৰ বাবে ভিৰ কৰিলে বহু লোকে । দেশত শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধ অক্ষুণ্ণ ৰখাৰ কামনাৰে ইছলামধৰ্মী লোকসকলৰ দোৱা (Id-Ul-Fitre in Assam in 2022)।
9 মে’ত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
কেইবাটাও কাৰ্যসূচীৰে 9 মে’ত অসম ভ্ৰমণলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ(Amit Shah to be visit Assam on 9th May) ৷ মঙলবাৰে অসম ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শ্বাহৰ অসম ভ্ৰমণৰ বিষয়ে সদৰি কৰে ৷ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিবলগীয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকী(Amit Shah's two days Assam visit)য়ে কেইবাটাও অনুষ্ঠানত অংশ লোৱাৰ কথা ৷
Eid ul fitre celebrates in assam: ৰাজ্যজুৰি ঈদৰ ব্যাপক উছাহ
অসমৰ ভিন্ন প্ৰান্তত ঈদৰ ব্যাপক উছাহ-উদ্দীপনা (Eid celebration in Assam) । মঙলবাৰে পুৱা মছজিদ আৰু ঈদগাহত নামাজৰ বাবে ভিৰ কৰিলে বহু লোকে । দেশত শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধ অক্ষুণ্ণ ৰখাৰ কামনাৰে ইছলামধৰ্মী লোকসকলৰ দোৱা (Id-Ul-Fitre in Assam in 2022)।
বিজেপিত মেয়ৰ কেন্দ্ৰিক সংঘাত, দল এৰিলে শশাংকই
গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ নাম ঘোষণাৰ লগে লগে বিজেপিত আৰম্ভ ক্ষোভৰ জুই ৷ মেয়ৰৰ পদ নাপাই ক্ষুব্ধ হৈ দল এৰিলে শশাংকজ্যোতি ডেকা(Sashanka jyoti Deka resign from BJP) ই ৷ ফণীন্দ্ৰনাথ শৰ্মাক ফোনেৰে জনালে দলত্যাগৰ কথা ৷
পুনৰ গুৱাহাটীৰ মেয়ৰ হ’ল মৃগেন শৰণীয়া
গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু ডেপুটি মেয়ৰৰ নাম ঘোষণা(Names of GMC mayor and deputy mayor has announced) ৷ মেয়ৰ হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে বিজেপিয়ে ঘোষণা কৰে মৃগেন শৰণীয়াৰ নাম ৷ ডেপুটি মেয়ৰ হিচাপে বাছনি কৰা হৈছে স্মিতা ৰয়ক ৷
প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ সষ্টম ৰাজ্য চৰকাৰ : যোগেন মহন
প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ষতিগ্ৰস্ত হৈছে বহু লোক । ৰাজ্যখনত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসন সষ্টম হৈ আছে ৷ লগতে ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰিবলৈ জিলা উপায়ুক্তসকলক চৰকাৰৰ তৰফৰ পৰা সকলো কৰ্তৃত্ব প্ৰদান কৰা হৈছে ৷ সোমবাৰে মৰাণত সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে (Jogen Mahan on victims of Natural disaster) ।
61st session of Bodo Sahitya Sabha : হালধীয়াত বিলীন বড়ো সাহিত্য সভাৰ অধিৱেশন থলী
হালধীয়াত বিলীন হৈ পৰিছে বড়ো সাহিত্য সভাৰ অধিৱেশন থলী ৷ পতাকা উত্তোলনেৰে আৰম্ভ হয় এই অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী ৷ এই কাৰ্যসূচীত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ড৹ কুলধৰ শইকীয়া, আৰক্ষী বিষয়া তথা বিশিষ্ট লেখক পাৰ্থ সাৰথি মহন্তৰ লগতে ত্ৰিপুৰা আৰু নেপালৰ পৰা অহা প্ৰতিনিধি আৰু কেইবাগৰাকীও অতিথি ৷
President's colour award : বাইক ৰেলীৰ নেতৃত্ব বহনকাৰী আনন্দ মিশ্ৰ নলবাৰীত উপস্থিত
ৰাষ্ট্ৰপতি কালাৰ সম্মান(President's colour award) ৰ লগত সংগতি ৰাখি দেওবাৰে অসম আৰক্ষীয়ে ধুবুৰীৰ পৰা শদিয়ালৈ উলিওৱা বাইক ৰেলী সোমবাৰে নিশা উপস্থিত হয় নলবাৰীত (Assam police bike rally) ৷ বাইক ৰেলীৰে নলবাৰীত উপস্থিত হোৱা 'জাতীয় সংহতি মটৰ চাইকেল ৰেলী'টোক বিপুল আদৰণি (Assam police bike rally present in Nalbari) জনোৱা হয় ৷
ভণ্ডামি কৰি ৰামপুৰত ৰাইজৰ ৰোষত পৰিল ভণ্ড বাবা বিক্ৰম আলী
সোমবাৰে গ্ৰহ বেয়া আছিল নিজকে বাবা বুলি দাবী কৰা বিক্ৰম আলীৰ ৷ মুকালমুৱাৰ ৰামপুৰত বেজালি কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল অভিযুক্ত ভণ্ড বাবা বিক্ৰম আলী (Fake godman detained by villagers at Nalbari) ৷ ৰামপুৰৰ এজন লোকৰ ঘৰত বিভিন্ন চিকিৎসাৰ নামত ভণ্ডামি কৰি লুটি নিছিল প্ৰায় 5 হাজাৰ টকা ৷
ইউৰোপত জলবায়ু প্ৰতিৰোধী কৃষি প্ৰশিক্ষণ ; নিৰ্বাচিত অসম কৃষি বিশ্ববিদ্যালয়ৰ 10 গৰাকী গৱেষক শিক্ষাৰ্থী
জলবায়ু প্ৰতিৰোধী কৃষি সম্পৰ্কে প্ৰশিক্ষণৰ উদ্দেশ্যে নিৰ্বাচিত দেশৰ সৰ্বমুঠ 16 গৰাকী ছাত্ৰ-ছাত্ৰী নিৰ্বাচিত হৈছে ৷ ইয়াৰে অসম কৃষি বিশ্ববিদ্যালয়( Assam Agricultural University)ৰ আছে 10 গৰাকী গৱেষক ছাত্ৰ-ছাত্ৰীৰ নাম ৷ ইউৰোপীয় ইউনিয়নৰ ইৰাছমাছ প্ৰাছ আঁচনিৰ অধীনৰ এডাপ্টনেট (Adapt NET) শীৰ্ষক দক্ষতা বৃদ্ধি প্ৰকল্পৰ অধীনত হ’ব এই প্ৰশিক্ষণ শিবিৰ (Agricultural training in Europe) ৷