ETV Bharat / state

মৰাণত পুনৰ 90 গৰাকী ক'ভিড-19 ত আক্ৰান্ত

author img

By

Published : May 6, 2021, 9:06 PM IST

চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত বৃহস্পতিবাৰে 10 গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে । আক্ৰান্তৰ সংখ্যা হৈছে 113 গৰাকী ৷

মৰাণত পুনৰ ৯০ গৰাকীৰ ক'ভিড-19 ত আক্ৰান্ত

মৰাণ,6 মে’: ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপ স্বাস্থ্য কেন্দ্ৰত বৃহস্পতিবাৰৰ দিনটোতে 90 গৰাকীৰ দেহত ক'ভিড-19 ৰ অৱস্থিতি পোৱা গৈছে । তাৰে 11 গৰাকী চৰাইদেউ জিলাৰ আৰু চাৰি গৰাকী টিংখাং নাহৰণি ব্লকৰ নিবাসী । ইপিনে খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত এলেকাটোত বৃহস্পতিবাৰ পৰ্যন্ত মুঠ 573 গৰাকী ক’ভিড-19 ত আক্ৰান্ত হৈছে ।

ইফালে চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত বৃহস্পতিবাৰে 10 গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে । পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সৰ্বমুঠ 113 গৰাকী লোকৰ দেহত ক'ভিড-19 ভাইৰাছ ধৰা পৰিছে । চিকিৎসকসকলে জানিবলৈ দিয়া মতে, আক্ৰান্ত প্ৰায়সকলকে হোম আইচ’লেচনত ৰখা হৈছে । দুয়োখন জিলাক সামৰি বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ 686 গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ।

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.