ETV Bharat / state

চি পি আইৰ নেতাৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ - assam news

অধিগৃহীত ভূমিৰ ক্ষতিপূৰণ উলিয়াই দিয়াৰ নামত দালাল চক্ৰৰ ধন আত্মসাৎ ৷ চিপিআইৰ নেতাৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ ৷

চিপিআইৰ নেতাৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ
author img

By

Published : Aug 2, 2019, 2:49 PM IST

টিংখাঙত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অধিগৃহীত ভূমিৰ ক্ষতিপূৰণ প্ৰদানত বৃহৎ দালালৰাজ ৷ ক্ষতিপূৰণ প্ৰদানৰ নামত টিংখাঙৰ তকেইবাটাও সহজ সৰল পৰিয়ালৰ পৰা ধন সৰকাই নিয়াৰ অভিযোগ চিপিআইৰ নেতাৰ বিৰুদ্ধে ৷ এক প্ৰতিবেদন.......

চিপিআইৰ নেতাৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ

টিংখাঙত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অধিগৃহীত ভূমিৰ ক্ষতিপূৰণ প্ৰদানত বৃহৎ দালালৰাজ ৷ ক্ষতিপূৰণ প্ৰদানৰ নামত টিংখাঙৰ তকেইবাটাও সহজ সৰল পৰিয়ালৰ পৰা ধন সৰকাই নিয়াৰ অভিযোগ চিপিআইৰ নেতাৰ বিৰুদ্ধে ৷ এক প্ৰতিবেদন.......

চিপিআইৰ নেতাৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ
Intro: টিংখাঙত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অধিগৃহীত ভূমিৰ ক্ষতিপূৰণ প্ৰদানৰ নামত চলিছে বৃহৎ দালালৰাজ । পাৰ্চেন্টিছ নিদিলে নাপায় প্ৰাপ্য । অৱশেষত, আৰক্ষী, উপায়ুক্তৰ কাষ চাপিবলৈ বাধ্য হল ভূক্তভোগী পৰিয়াল ।
Body:ডিব্ৰুগড় জিলাৰ টিংখাং ৫২ নং (B ) ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ নামত অধিগৃহীত ভূমিৰ ক্ষতিপূৰণ প্ৰদানত বৃহৎ কেলেংকাৰী । ক্ষতিপূৰণ উলিয়াই দিয়াৰ নামত দালাল চক্ৰৰ ধন আত্মসাৎ । দালালচক্ৰৰ বিৰুদ্ধে অভিযোগ ভূক্তভোগী পৰিয়ালৰ । ৫২ নং (B ) ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ নামত জন্ম হোৱা NH 52 (B)ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতিৰ যৌথ মঞ্চ নামৰ সংগঠনটোৰ নেতা তথা চিপিআই (এম এল)ৰ নেতা বলিন্দ শইকীয়াই বিভিন্ন সময়ত চলে চাতুৰিয়ে ক্ষতিপূৰণ প্ৰদান কৰাৰ নামত অথৱা সংগ্ৰামৰ নামত ধন দাবী কৰি আহিছে ৷ ইতিমধ্যে , কেইবাটাও সহজ সৰল পৰিয়ালৰ পৰা ধন সৰকাই নিছে মোটা অংক। আনহাতে, ধন নাপালে বিভিন্ন আপত্তি দি প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আহিছে ভূমিৰ গৰাকীক । সংগঠনটো পৰা এখন পৰিচয় পত্ৰ নললে ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ নামত অধিগৃহীত ধন পোৱা নাযাব বুলি প্ৰচাৰ চলাই আহিছে দালাল চক্ৰটোৱে । টিংখাঙৰ ১নং নাচনী গাঁৱৰ বিকাশ গগৈৰ পৰিয়ালৰ পৰা ১ লাখ টকা আত্মসাৎ কৰে বলিন্দ্ৰ শইকীয়াই । সামাজিক কামৰ নামত দৰিদ্ৰ পৰিয়ালটোৱে ৫,০০০ টকাহে দিব বিচাৰিছিল, কিন্তু প্ৰবঞ্চনাৰে চেকযোগেৰে এক লাখ টকা সৰকাই নিয়ে বলিন্দ্ৰ শইকীয়াই । ইতিমধ্যে, ৰাজগড় আৰক্ষী চকীত বলিন্দ্ৰ শইকীয়াৰ  বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে । আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪০৬/৪২০ ধাৰাত ১৯৩/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে ।

BITE --- বিকাশ গগৈৰ পত্নী

Conclusion: আনহাতে দালাল বলিন্দ্ৰ শইকীয়াৰ ষড়যন্ত্ৰৰ বলি হৈছে ১ নং নাচনী গাঁওৰ আন এটি পৰিয়াল । সৰ্বা বৰুৱাৰ ভোগদখলত থকা ৮১৬ নং দাগ আৰু ৫০০ নং দাগৰ মাটি সৰ্বা বৰুৱাৰ দখলত নাই বুলি অাপত্তি দৰ্শাই প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ চেষ্টা চলাইছে । এই সন্দৰ্ভত উপায়ুক্তক অভিযোগ দাখিল কৰিছে সৰ্বা বৰুৱাৰ পৰিয়ালটোৱে । ইতিমধ্যে , কেইবাবাৰো  কুচক্ৰান্ত কৰি বিফল হৈছে চক্ৰটোৱে । প্ৰতিবাৰেই ন ন অভিযোগ আনিছে যদিও ৰাজহ চক্ৰ বিভাগৰ ফালৰ পৰা তদন্ত কৰি সৰ্বা বৰুৱাই ক্ষতিপূৰণ পোৱাৰ যোগ্য বুলি স্পষ্ট কৰি দিছে । পৰিয়ালটোৰ মতে, বলিন্দ্ৰ শইকীয়াক 5% নিদিয়াৰ বাবে এনে ষড়যন্ত্ৰ কৰি আহিছে ।

BITE - সৰ্বা বৰুৱাৰ জীয়ৰী,  লেঙেৰী গাঁওৰ এজন ভূক্তভোগী ।

আনহাতে, সৰ্বা বৰুৱা বিৰুদ্ধে অাপত্তি পত্ৰত কানু মাঝিৰ জাল চহী দিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

BITE - কানু মাঝি ।

কেৱল বলিন্দ্ৰ শইকীয়াই নহয়, তদন্তত আন বহুজন পোহৰলৈ অহাৰ সম্ভাৱনা । প্ৰশ্ন হৈছে , শূণ্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোনোৱাল চৰকাৰে সহজ সৰল লোকসকলক প্ৰাপ্য আদায় দিব পাৰিবনে ?

টিংখাঙৰ পৰা দীপক গগৈ,ই টিভি ভাৰত অসম।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.