ETV Bharat / state

ভালুকৰ সাঙিলৈ পৰিণত হৈছে টিংখাং মহাবিদ্যালয়ৰ গৱেষণাৰ সামগ্ৰী - বিজ্ঞান গৱেষণাগাৰ

চৰকাৰী ঘোষণাৰ পিচতো আজি পৰ্যন্ত উজনি অসমৰ অগ্ৰণী মহাবিদ্যালয় টিংখাং মহাবিদ্যালয়ে লাভ নকৰিলে বিজ্ঞান শাখাৰ অনুমোদন ৷ জানিব পৰা মতে, মহাবিদ্যালয়খনে বিজ্ঞান গৱেষণাগাৰৰ বাবে লাভ কৰা ১০ লাখ টকাৰে ক্ৰয় কৰিছিল গৱেষণাৰ সামগ্ৰী ৷ কিন্তু বিজ্ঞান শাখাৰ অনুমোদন লাভ নকৰাৰ বাবে বিজ্ঞান শিক্ষক অবিহনে এইসমূহ সামগ্ৰী এতিয়া ভালুকৰ সাঙিলৈহে পৰিণত হৈছে ৷

AS_01_TINGKHONG_Tingkhong_College_VIS_10071
ভালুকৰ সাঙিলৈ পৰিণত হৈছে টিংখাং মহাবিদ্যালয়ৰ গৱেষণাৰ সামগ্ৰী
author img

By

Published : Mar 1, 2021, 10:30 PM IST

টিংখাং,1 মাৰ্চ:চৰকাৰী ঘোষণাৰ পিচতো আজি পৰ্যন্ত উজনি অসমৰ অগ্ৰণী মহাবিদ্যালয় টিংখাং মহাবিদ্যালয়ে লাভ নকৰিলে বিজ্ঞান শাখাৰ অনুমোদন ৷ জানিব পৰা মতে, মহাবিদ্যালয়খনে বিজ্ঞান গৱেষণাগাৰৰ বাবে লাভ কৰা ১০ লাখ টকাৰে ক্ৰয় কৰিছিল গৱেষণাৰ সামগ্ৰী ৷ কিন্তু বিজ্ঞান শাখাৰ অনুমোদন লাভ নকৰাৰ বাবে বিজ্ঞান শিক্ষক অবিহনে এইসমূহ সামগ্ৰী এতিয়া ভালুকৰ সাঙিলৈহে পৰিণত হৈছে ৷ বন্ধ কোঠালিৰ ভিতৰত দ'মে-দমে পৰি আছে মূল্যবান সামগ্ৰী তথা সা-সৰঞ্জাম সমূহ ৷ ইপিনে, বিজ্ঞান শিক্ষকৰ অনুপস্থিতিত এতিয়া যথেষ্ট বিবুদ্ধিত পৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষ ৷ বিজ্ঞান গৱেষণাগাৰৰ বাবে দীৰ্ঘদিন ধৰি পেলাই থোৱা বিভিন্ন কেমিকেল তথা সা-সামগ্ৰী সমূহৰ ম্যাদ উকলি যোৱাৰো আশংকা ব্যক্ত কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷

ভালুকৰ সাঙিলৈ পৰিণত হৈছে টিংখাং মহাবিদ্যালয়ৰ গৱেষণাৰ সামগ্ৰী

উল্লেখযোগ্য যে, ২০১৮-১৯ বিত্তীয় বৰ্ষত অসম চৰকাৰে অসমৰ ৫০ খন প্ৰাদেশীকৃত মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি কৰা হ'ব বুলি ঘোষণা কৰিছিল৷ সেই অনুযায়ী ২০১৯ চনৰ আগষ্ট মাহত উল্লেখিত ৫০ খন মহাবিদ্যালয়লৈ বিজ্ঞান গৱেষণাগাৰৰ সামগ্ৰী ক্ৰয়ৰ বাবে উচ্চ শিক্ষা সঞ্চালকৰ জৰিয়তে ১০ লাখ টকাকৈ অনুদান প্ৰদান কৰা হয়৷ পৰৱৰ্তী পৰ্যায়ত ইয়াৰে ১৬ খন মহাবিদ্যালয়ৰ বাবে বিজ্ঞান শাখাৰ অনুমোদন দিয়াৰ কথা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে ঘোষণা কৰিছিল ৷ বাকী ৩৪ খন মহাবিদ্যালয়তো পৰ্যায়ক্ৰমে বিজ্ঞান শাখাৰ অনুমোদন দিয়াৰ কথা ঘোষণা কৰা হৈছিল যদিও সেই সিদ্ধান্ত আজিলৈকে কাৰ্যকৰী নহ'ল৷ যাৰ বাবে বাদ পৰি ৰোৱা ৩৪ খন মহাবিদ্যালয়ে বিজ্ঞান লেবৰেট'ৰিৰ বাবে ক্ৰয় কৰা সামগ্ৰীসমূহ এতিয়া বন্ধ কোঠাৰ ভিতৰত অব্যৱহৃত হৈ বিগত প্ৰায় ৬-৭ মাহ ধৰি পৰি ৰৈছে৷ যাৰ ফলত ৩ কোটিৰো অধিক বৃহৎ চৰকাৰী ধন অপচয় হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷

লগতে পঢ়কঃ খহি পৰা ভেটি সবল কৰিবলৈ অসমত উপস্থিত প্ৰিয়ংকা গান্ধী ৱাদ্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.