ETV Bharat / state

চাচনীৰ শিলকচুবামত পিঞ্জৰাবদ্ধ নাহৰফুটুকী - নাহৰফুটুকী

ৰাইজৰ অভিযোগৰ ভিত্তিত বন বিভাগে নাহৰকটীয়াৰ চাচনীৰ শিলকচুবামত পিঞ্জৰা স্থাপন কৰি শনিবাৰে নিশা এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় ৷

পিঞ্জৰাবদ্ধ নাহৰফুটুকী
পিঞ্জৰাবদ্ধ নাহৰফুটুকী
author img

By

Published : Dec 20, 2020, 3:39 PM IST

মৰাণ, 20 ডিচেম্বৰ : ডিব্ৰুগড়ৰ বিভিন্ন স্থানত অব্যাহত বাঘৰ আতংকই নিদ্ৰা হৰণ কৰিছে বহু স্থানীয় বাসিন্দাৰ ৷ বিগত বহু বছৰৰ পৰাই জিলা খনৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে বাঘে ৷ তৎসত্বেও এনে ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত বন বিভাগ বিফল হোৱাৰ অভিযোগ উত্থাপন হৈছে ভিন্ন সময়ত ৷

চাচনীৰ শিলকচুবামত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

বিগত বহু দিনৰ পৰাই ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ বহু কেইখন গাঁৱৰ ৰাইজৰ পশুধন নিধন কৰি আহিছিল এটা নাহৰফুটুকীয়ে ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত বন বিভাগে নাহৰকটীয়াৰ চাচনীৰ শিলকচুবামত পিঞ্জৰা স্থাপন কৰি অৱশেষত শনিবাৰে নিশা নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, এতিয়াও গাঁও খনক বহুতেইটা নাহৰফুটুকী আছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: বগীনদীত দ্বিতীয়খন পকী দলং নিৰ্মানৰ জৰীপ আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.