নামৰূপ, 9 এপ্ৰিলঃ বুধবাৰে নামৰূপৰ লালপাগুৰি ঘাটত সংঘটিত হয় এক শোকাবহ ঘটনা । লালপাগুৰি ঘাটৰ শ্মশানত থকা এটা ৩০ ফুট দ কুঁৱাত পৰি নিহত হয় দুই শিশু সহ তিনিজন লোকৰ । প্ৰাপ্ত তথ্য অনুসৰি, ৩০ ফুট দ কুঁৱাটোত দুটি শিশু পৰা প্ৰত্যক্ষ কৰি শিশু দুটিক উদ্ধাৰ কৰিবলৈ দুজন ব্যক্তিয়েও তাত জাঁপ দিয়ে । কিন্তু কুঁৱাত পৰি থিতাতে নিহত হয় অজয় কুল্লু (৮), হৰিৰাম শৰ্মা (৯) আৰু গণেশ শৰ্মা (৪০)ৰ ।
কিছু সময়ৰ পিচত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ প্ৰমোদ গগৈ নামৰ আন গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ঘটনাস্থলীত প্ৰসাশনৰ লোক উপস্থতি হৈ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । উল্লেখ্য যে, পানী নথকা কুঁৱাটোত অক্সিজেনৰ মাত্ৰা কম হ'ব পাৰে বুলি বিবেচনা কৰি অক্সিজেনৰ ছিলিণ্ডাৰ কুঁৱাটোৰ তলিলৈ পঠিওৱাৰ ব্যৱস্থাও কৰিছিল প্ৰশাসনে ।
লগতে পঢ়কঃ দিল্লীৰ AIIMS ৰ ৩০ গৰাকী স্বাস্থ্য কৰ্মীক আছুতীয়াকৈ ৰখাৰ পৰামৰ্শ