ETV Bharat / state

দুলীয়াজানত বিষাক্ত কাঠফুলা খাই তিনিজনৰ মৃত্যু - দুলীয়াজানৰ ভাদৈ পাঁচআলি

দুলীয়াজানৰ ভাদৈ পাঁচআলিত বিষাক্ত কাঠফুলা খাই তিনিজনৰ মৃত্যু (Three died after consuming poisonous mushrooms) ৷ দহজনৰ সংকটজনক অৱস্থা ৷

three-died-after-eat-poisonous-mushrooms-at-duliajan
দুলীয়াজানত বিষাক্ত কাঠফুলা খাই তিনিজনৰ মৃত্যু
author img

By

Published : Apr 13, 2022, 10:04 PM IST

মৰাণ, 13 এপ্ৰিল : দুলীয়াজানত শোকাৱহ ঘটনা ৷ বিষাক্ত কাঠফুলাই অমানিশা নমালে এটি পৰিয়ালৰ জীৱনলৈ ৷ কাঠফুলা ভক্ষণেই যেন কাল হৈ পৰিল পৰিয়ালটোৰ বাবে (Three died after consuming poisonous mushrooms) ৷ উল্লেখ্য যে, দুলীয়াজান সমষ্টিৰ ভাদৈ পাঁচ আলি আৰক্ষী থানাৰ অন্তৰ্গত ভাদৈ পাঁচআলিৰ ৪নং চপাতলিত বিষাক্ত কাঠফুলা খাই তিনি জনৰ কৰুণ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

দুলীয়াজানত বিষাক্ত কাঠফুলা খাই তিনিজনৰ মৃত্যু

মৃত লোককেইজন হৈছে ক্ৰমে সুষ্মিতা খাৰিয়া ৬ বছৰ ,চিনে লামা ৭০ বছৰ আৰু কুটি লামা ৬৫ বছৰ বুলি চিনাক্তকৰণ কৰা হৈছে । আনহাতে একেটা অঞ্চলৰ অন্য ১০ জনকৈ লোকো বিষাক্ত কাঠফুলা ভক্ষণৰ ফলত গুৰুতৰভাৱে অসুস্থ পৰে ৷ অসুস্থ লোককেইজনক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

উল্লেখ্য যে, ৬ বছৰীয়া কিশোৰীসহ তিনিজনকৈ লোক বিষাক্ত কাঠফুলা খাই মৃত্যু হোৱা আৰু ১০ জনকৈ লোক গুৰুতৰভাৱে অসুস্থ হোৱাৰ খবৰে সমগ্র ভাদৈ পাঁচআলিত এক শোকৰ ছাঁ পেলাইছে ।

লগতে পঢ়ক : Mushroom consuming tragedy : সোণাৰিত বিষাক্ত কাঠফুলা খাই এতিয়ালৈ ৭ গৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.