মৰাণ,8 আগষ্ট: ক'ভিড পৰিস্থিতি কিছু সুস্থ হৈ উঠাৰ লগে লগেই চৰকাৰী আঁচনি ৰূপায়নত তৎপৰ হৈছে ৰাজ্যৰ মন্ত্ৰী বিধায়ক সকল ৷ দেওবাৰে মৰাণত প্ৰধান মন্ত্ৰী আৱাস যোজনা অধীনৰ জৰিয়তে গৃহ প্ৰৱেশ সমাৰোহ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিলে মন্ত্ৰী যোগেন মহনে ৷ মৰাণ পৌৰ সভাৰ 4 নং ৱাৰ্ডৰ শান্তিপুৰত 'প্ৰধান মন্ত্ৰী আৱাস যোজনা-চহৰাঞ্চল' গৃহ প্ৰৱেশ সমাৰোহৰ জৰিয়তে সুৰেন পাল নামৰ হিতাধিকাৰী গৰাকীৰ গৃহটি আনুষ্ঠানিকভাৱে তেঁওক অৰ্পন কৰা হয় ৷
উক্ত অনুষ্ঠানত অংশ লৈ মন্ত্ৰী যোগেন মহনে কয় যে,"বিজেপি চৰকাৰ সদায় দৰিদ্ৰ জনৰ লগত আছে ৷ দৰিদ্ৰ পৰিয়ালক চৰকাৰে পকী ঘৰ নিৰ্মাণ কৰি দেখুৱাই দিছে যে এই চৰকাৰ দৰিদ্ৰ জনৰ লগত আছে ৷" লগতে ভাৰতবৰ্ষত যাতে এটাও কেঁচা ঘৰ থাকিব নোৱাৰে তাৰ বাবে প্ৰধান মন্ত্ৰী মোডীয়ে ইতিমধ্যেই এক মিচন আৰম্ভ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে ৷ আনহাতে নিজৰ সমষ্টিৰ সকলো ঘৰৰ কাম 15 আগষ্টৰ আগতেই শেষ কৰিবলৈ নিৰ্দেশ দিয়া বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷
উল্লেখ্য যে, দৰিদ্ৰ জনে পকী ঘৰ লাভ কৰাৰ ক্ষেত্ৰত মাটি বাৰী বা আন কিবা সমস্যা থাকিলেও সেই বিষয়ত শিথিলতা আনি হ'লেও দৰিদ্ৰ জনে পকী ঘৰ পোৱাত সহায় কৰিবলৈ চক্ৰ বিষয়াক আহ্বান জনাই মন্ত্ৰী যোগেন মহনে । লগতে মৰাণ চহৰত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আধীনত মুঠ 106 টা ঘৰ আৱন্টিত হৈছে বুলি জনালে মন্ত্ৰী গৰাকীয়ে ৷ দুখীয়া সকলৰ উন্নতি হলেহে দেশৰ উন্নতি হ'ব বুলি মন্তব্য কৰিলে ৰাজ্যৰ কেবিনেট মন্ত্ৰী যোগেন মহনে ৷