ETV Bharat / state

পুৰাতত্ত্ব বিভাগে পাহৰিলে দিহিঙীয়া ৰজাৰ মৈদামক

author img

By

Published : Jun 25, 2021, 9:13 PM IST

খোৱাং বাঁহনি পথাৰত দিহিঙীয়া ৰজাৰ দুটাকৈ মৈদাম আছে যদিও আজি পৰ্যন্ত বিভাগৰ ভালৰ পৰা কোনো ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা কৰা নাই ৷ বিগত চৰকাৰৰ দিনত মৈদাম কেইটাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিধায়ক চক্ৰধৰ গগৈয়ে 10 লাখ টকাৰ অনুদান আগবঢ়াইছিল । কিন্তু সেই অনুদানৰ আধাৰশিলা হ'ল যদিও আজি পৰ্যন্ত নহ'ল কাম ৷

the-archaeology-department-forgot-about-the-maidam-of-king-dihingia
পুৰাতত্ত্ব বিভাগে পাহৰিলে দিহিঙীয়া ৰজাৰ মৈদামক

মৰাণ, 25 জুন : ৰাজ্য চৰকাৰে ৰজা দিনীয়া ঐতিহাসিক সমল সমূহ সংৰক্ষণ কৰাৰ বাবে প্ৰতি বছৰে আঁচনি ঘোষণা কৰে ৷ কিন্তু আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাতো বহু আহোম স্বৰ্গদেউ সকলৰ সমল অৱহেলিত হৈ সিঁচৰতি হৈ আছে ৷ দুই এটা প্ৰাচীন সমল বা ঐতিহাসিক ক্ষেত্ৰত চৰকাৰে সংৰক্ষণৰ ব্যৱস্থা কৰিছে যদিও বহু কীৰ্তিচিহ্ন আজিও অৱহেলিত হৈ থকা পৰিলক্ষিত হৈছে ৷ ৰাজ্যত বিয়াগোম পুৰাতত্ত্ব বিভাগ এটা থকাৰ পাছতো ডিব্ৰুগড় জিলাৰ খোৱাঙত হাবি জংঘলেৰে ভৰি পৰিছে দিহিঙীয়া ৰজাৰ মৈদাম ৷

উল্লেখ্য যে,খোৱাং বাঁহনি পথাৰত দিহিঙীয়া ৰজাৰ দুটাকৈ মৈদাম আছে যদিও আজি পৰ্যন্ত বিভাগৰ ভালৰ পৰা কোনো ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা কৰা নাই ৷ জানিব পৰা মতে, দিহিঙীয়া ৰজাই দুগৰাকী বিয়া কৰাইছিল ৷ সেইয়ে এটা মৈদাম দিহিঙীয়া ৰজাৰ আৰু আনটো মৈদাম ৰজাৰ এগৰাকী পত্নীৰ ৷

অতি পৰিতাপৰ কথা যে, দিহিঙীয়া ৰজাৰ এই ঐতিহাসিক মৈদাম কেইটা সংৰক্ষণ কৰি এক সুন্দৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ স্থল আছিল যদিও বৰ্তমান সময়ত হাবি জংঘলেৰে ভৰি পৰিছে দিহিঙীয়া ৰজাৰ মৈদাম দুটা ৷ বিগত চৰকাৰৰ দিনত মৈদাম কেইটাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিধায়ক চক্ৰধৰ গগৈয়ে 10 লাখ টকাৰ অনুদান আগবঢ়াইছিল । কিন্তু সেই অনুদানৰ আধাৰশিলা হ'ল যদিও আজি পৰ্যন্ত অলপো কাম নহ'ল বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

পুৰাতত্ত্ব বিভাগৰ এনে অৱহেলাৰ বাবে ক্ষোভ প্ৰদৰ্শন কৰি দিহিঙীয়া ৰজাৰ মৈদাম দুটা সংৰক্ষণৰ ব্যৱস্থা কৰি এক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰক দাবী জনাইছে খোৱাঙৰ দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই উপযুক্ত পৰিকল্পনা কৰিলে এনেধৰণৰ অৱহেলিত প্ৰাচীন সমল বা ঐতিহাসিক ক্ষেত্ৰ সমূহে ৰাজ্যৰ পৰ্যটন বিভাগলৈ নতুন গতি অনাৰ প্ৰচুৰ সম্ভাৱণা আছে ৷

লগতে পঢ়ক : পৌৰসভাৰ সভাপতি পদকলৈ বিজেপি-ইউপিপিএলৰ মাজত টনা-আঁজোৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.