ETV Bharat / state

প্ৰধান শিক্ষকে ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি নিশা উত্তাল জয়পুৰ থানা

author img

By

Published : Aug 31, 2022, 10:44 AM IST

Updated : Aug 31, 2022, 2:03 PM IST

ৰাজ্যত পুনৰ সংঘটিত হৈছে শিক্ষকে ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাৰ ঘটনা (Tension in jaipur police station) ৷ এইবাৰ ঘটনাৰ স্থান নাহৰকটীয়া ৷ এগৰাকী প্ৰধান শিক্ষকে শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি নিশা উত্তাল হ’ল জয়পুৰ থানা ৷ নামফাকে গাঁৱত অৱস্থিত টাইফাকে উচ্চ ও বহুমুখী বিদ্যালয়ত সংঘটিত হৈছে ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাৰ এই ঘটনাটো ৷

jaipur-police-station-agitates-over-headmaster-thrashing-class-students
প্ৰধান শিক্ষকে শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি নিশা উত্তাল জয়পুৰ থানা

মৰাণ, 31 আগষ্ট: ৰাজ্যত পুনৰ সংঘটিত হৈছে শিক্ষকে ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাৰ ঘটনা ৷ এইবাৰ ঘটনাৰ স্থান নাহৰকটীয়া ৷ এগৰাকী প্ৰধান শিক্ষকে শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় জয়পুৰ থানাত (Tension in jaipur police station) ৷

ঘটনাৰ বিৱৰণী অনুসৰি, নাহৰকটীয়াৰ সমীপৰ নামফাকে গাঁৱত অৱস্থিত টাইফাকে উচ্চ ও বহুমুখী বিদ্যালয়ত দুদিন পূৰ্বে কোনো অজ্ঞাতলোকে অংকৰ শিক্ষকগৰাকীৰ শিক্ষা প্ৰদানত অসন্তুষ্ট বুলি এখন কাগজত লিখি শ্ৰেণীকোঠাৰ ভিতৰত পেলাই থৈছিল । সংশ্লিষ্ট শিক্ষকগৰাকীয়ে ঘটনা সন্দৰ্ভত প্ৰধান শিক্ষক ঙিয়ত ৱেইংকেনক অৱগত কৰিছিল ৷

প্ৰধান শিক্ষকে ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি নিশা উত্তাল জয়পুৰ থানা

এই ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰে বিদ্যালয়খনৰ নৱম আৰু দশম শ্ৰেণীৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক কোঠাত সুমুৱাই গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰে ৷ ফলত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় কেইবাগৰাকীও ছাত্ৰ- ছাত্ৰী । মনকৰিবলগীয়া যে, পূৰ্বেও এইদৰে ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰি থানালৈ যাব লগা হৈছিল প্ৰধান শিক্ষকগৰাকী ৷

আনহাতে কোবৰ ফলত ছাত্ৰ-ছাত্ৰীৰ দেহত আঘাতৰ চিন জিলিকি পৰে । যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে মঙলবাৰে নিশা জয়পুৰ থানাত অভিযুক্ত ঙিয়ত ৱেইংকেনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে প্ৰশাসনক বিহিত ব্যৱস্থা ল’বলৈ দাবী জনাইছে অভিভাৱকসকলে । আনহাতে অভিভাৱকসকলৰ সৈতে জয়পুৰ থানাত উপস্থিত থকা জয়পুৰ ছাত্ৰ সন্থাইও অভিযুক্ত প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী জনাইছে ।

জয়পুৰ থানাই ইতিমধ্যে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪২/৩২৫ ধাৰাৰ অধীনত ৫৮/২২ নং গোচৰ ৰুজু কৰাৰ লগতে নিশাই আঘাতপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী কেইগৰাকীক স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে । উল্লেখ্য যে, এগৰাকী প্ৰধান শিক্ষকে ঘটনাৰ বাচ-বিচাৰ নকৰাকৈ এনেদৰে কৰা প্ৰহাৰৰ ফলত দুটাকৈ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আহত হোৱা ঘটনাই স্বাভাৱিকতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

লগতে পঢ়ক: সোণাৰি শিক্ষাখণ্ডৰ অধীনস্থ মথুৰাপুৰ মনিয়াহোলা প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

Last Updated : Aug 31, 2022, 2:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.