ETV Bharat / state

Accident in Lepetkata tea estate: মইনাক সুস্থ শৰীৰে ওভতাই পঠোৱাৰ আহ্বান চৰকাৰলৈ

author img

By

Published : Jul 21, 2022, 10:05 PM IST

শোকস্তব্ধ পৰিৱেশ মইনা নায়কৰ লেপেটকটা চাহ বাগিচাৰ বৰলাইনৰ ঘৰত ৷ ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল মইনা নায়ক ৷ মইনাক সুস্থ কৰি তুলিবলৈ পৰিয়ালৰ লোকে চৰকাৰক আহ্বান জনায় ৷

Accident in Lepetkata tea estate
মইনাক সুস্থ শৰীৰে উভতাই পঠোৱাৰ আহ্বান চৰকাৰলৈ

ডিব্ৰুগড়, 21 জুলাই : ‘‘মইনাক ভাল কৰি আনি দিয়ক ৷ আমি আপুনাক বিনতি কৰিছো ৷ আমাৰ হাতত টকাও নাই’’ ৷ বৃহস্পতিবাৰে আপৰ ৰাজ্যিক সহঃ সমন্বয়ক মনোজ ধানোৱাৰ মইনাৰ বাসগৃহত উপস্থিত হোৱাৰ সময়ত এই মন্তব্য কৰে মইনাৰ আত্মীয়ই ৷ মঙলবাৰে কলঘৰৰ CTC কাটিং মেচিনত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মইনা নায়ক (Accident in Lepetkata tea estate)৷

তাৰ পাচতে মইনাৰ ঘৰত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ অতি সংকটজনক অৱস্থাত মইনাক GMCH লৈ প্ৰেৰণ কৰা হয় (Woman worker falls into machine at factory) ৷ ইয়াৰ পাচতেই লেপেটকটা চাহ বাগিচাৰ বৰলাইনৰ মইনাৰ বাসগৃহত সোঁত বৈছে বিভিন্ন ৰাজনৈতিক তথা দল-সংগঠনৰ নেতাৰ ৷ বৃহস্পতিবাৰে মইনাৰ বাসগৃহত উপস্থিত হয় আপৰ ৰাজ্যিক সহঃ সমন্বয়ক মনোজ ধানোৱাৰ আৰু আপৰ কিছু সদস্য ৷

মইনাক সুস্থ শৰীৰে ওভতাই পঠোৱাৰ আহ্বান চৰকাৰলৈ

সংবাদ মাধ্যমৰ জৰিয়তে, আপৰ ৰাজ্যিক সহঃ সমন্বয়কগৰাকীয়ে মইনা নায়কৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক আহ্বান জনায় । ধানোৱাৰে এই ঘটনাক দুখ প্ৰকাশ কৰি চৰকাৰৰ কাৰ্যক তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ লগতে তেওঁ মইনাক উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চেৰে বহিঃৰাজ্যলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায় ৷

লগতে পঢ়ক : Accident in Lepetkata tea estate: চলন্ত মেচিনে এৰুৱাই নিলে যুৱতীৰ মূৰৰ চুলি-ছাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.