ETV Bharat / state

ডিব্ৰুগড়ত শ্বহীদ কুশল কোঁৱৰৰ ৭৮ তম্ মৃত্যু তিথি পালন - swahid Kushal Konwar

আজি শ্বহীদ কুশল কোঁৱৰৰ ৭৮ তম্ মৃত্যু তিথি উপলক্ষে সদৌ অসম আহোম সভা ডিব্ৰুগড় সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত স্থানীয় চৌকিডিঙী চাৰি আলিত থকা শ্বহীদ কুশল কোঁৱৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত সম্পূৰ্ণ ক’ভিড প্রট'কল মানি মৃত্যু তিথি অনুষ্ঠিত কৰা হয় ।

swahid Kushal Konwar 78th death anniversary
ডিব্ৰুগড়ত শ্বহীদ কুশল কোঁৱৰৰ ৭৮ তম্ মৃত্যু তিথি পালন
author img

By

Published : Jun 15, 2021, 10:53 PM IST

ডিব্ৰুগড়, 15 জুন : ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশ গ্রহণ কৰি দেশৰ স্বাধীনতাৰ বাবে যি সকল বীৰ-বীৰাংগনাই প্রাণ আহুতি দিলে এই সকলৰ ভিতৰত শ্বহীদ কুশল কোঁৱৰ আছিল অন্যতম । আজি শ্বহীদ কুশল কোঁৱৰৰ ৭৮ তম্ মৃত্যু তিথি উপলক্ষে সদৌ অসম আহোম সভা ডিব্ৰুগড় সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত স্থানীয় চৌকিডিঙ্গী চাৰি আলিত থকা শ্বহীদ কুশল কোঁৱৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত সম্পূৰ্ণ ক’ভিড প্রট'কল মানি মৃত্যু তিথি অনুষ্ঠিত কৰা হয় ।

সেই অনুসৰি প্ৰতিমূৰ্তিৰ সন্মুখত মাল্য অৰ্পণ, বন্তি প্ৰজ্বলন কৰাৰ লগতে এখনি আলোচনা সভা অনুষ্ঠিত কৰা হয় । উক্ত অনুষ্ঠানত সদৌ অসম আহোম সভা প্রাক্তন সাধাৰণ সম্পাদক চাও হেম কান্ত দিহিঙীয়া, ডিব্ৰুগড় জিলা আহোম সভাৰ সম্পাদক চাও দিগন্ত ফুকন, আঞ্চলিক সমিতি সভাপতি চাও দীপক চাংমাই, সম্পাদক দুলর্ভ গগৈ, চাও কৃষ্ণ কান্ত চেতিয়া, চাও বুদ্ধেশ্বৰ বৰুৱা আৰু চাও ত্ৰৈলুক্য গগৈ আদি উপস্থিত থাকে ৷ আলোচনাত প্ৰতিজন বিশিষ্ট ব্যক্তিয়ে দেশৰ স্বাধীনতা সংগ্ৰামৰ বীৰ শ্বহীদ জনাৰ দেশৰ প্ৰতি থকা ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰে।

লগতে পঢ়ক: এবছৰে ন্যায়ৰ পৰা বঞ্চিত বৰহোলাৰ জয়ন্ত বৰাৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.