ডিব্ৰুগড়, 16 এপ্ৰিল : মানুহ বিহুৰ দিনাই আটাছুৰ নেতাই মৰাণত সংঘটিত কৰিলে জাতিটোক লজ্জানত কৰা এক ঘটনা । সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ যুটীয়া সম্পাদক অভিজিৎ গগৈয়ে নিজ পিতৃক চোকা অস্ত্ৰৰে ৰক্তাক্ত কৰাৰ উপৰিও শৰীৰৰ কেবা ঠাইতো কামুৰি ডিঙি চেপি হত্যাৰ চেষ্টা চলায় (Son attempts to kill his father at Maran) ।
ঘটনা অনুসৰি, মানুহ বিহুৰ দিনা ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ নতুন নগৰৰ নিবাসী অতুল গগৈক প্ৰহাৰ কৰে নিজ সন্তান অভিজিৎ গগৈয়ে । যিটো দিনত ৰাজ্যবাসীয়ে নিজ পিতৃ-মাতৃ নতুবা জ্যেষ্ঠজনৰ আৰ্শীবাদ বিচাৰি আপোনজনৰ কাষ চাপে, তেনে সময়তে আটাছুৰ নেতা অভিযুক্ত অভিজিতে নিজ পিতৃ আৰু পৰিয়ালৰ লোকক চলালে বৰ্বৰ অত্যাচাৰ (Attempt to murder case at Moran)।
ভুক্তভোগী অতুল গগৈৰ সৰু পুত্ৰ আৰু পৰিয়ালৰ অন্য সদস্যই আহত অতুল গগৈক বচাবলৈ যাওঁতে বাকী সকলকো প্ৰহাৰ কৰে ছাত্ৰ নেতা অভিজিৎ গগৈয়ে । আনকি ইমানতে শান্ত নাথাকি অভিজিৎ গগৈয়ে উলংগ হৈ নিজৰ পিতৃৰ দেহত প্ৰসাৱ কৰাৰো চেষ্টা কৰে । সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে ভুক্তভোগী অতুল গগৈৰ আত্মীয়ই ৷
ইফালে এই ঘটনা সংঘটিত কৰিয়েই পত্নী আৰু সন্তানসহ আটাছুৰ নেতা অভিজিৎ গগৈয়ে উক্ত স্থানৰ পৰা পলায়ন কৰে ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ভুক্তভোগী অতুল গগৈৰ পৰিয়াল বৰ্গই মৰাণ আৰক্ষী থানাত দাখিল কৰিছে এক এজাহাৰ । এই ঘটনা পোহৰলৈ অহাৰ পাচতেই এতিয়া সমগ্ৰ ডিব্ৰুগড় জিলাতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ কিন্তু নিজ পিতৃক নিৰ্মমভাৱে অত্যাচাৰ কৰা এই উদণ্ড ভণ্ড নেতাৰ বিৰুদ্ধে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষ্যণীয় ৷
লগতে পঢ়ক : Atiq Ahmed Murder Case: আতিক আহমেদ হত্যাকাণ্ডৰ পাচতে সাংবাদিকৰ বাবে SOP ৰ পৰিকল্পনা গৃহ মন্ত্ৰালয়ৰ