ETV Bharat / state

তামোলবাৰীৰ ৰূপকোঁৱৰৰ জন্মগৃহত শিল্পী দিৱস উদযাপন

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 5:56 PM IST

Silpi Divas in Tamolbari : বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে তামোলবাৰীৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মগৃহত শিল্পী দিৱস উদযাপন কৰা হয় । ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাৰ জ্যোতি তীৰ্থত মাৰোৱাৰী সন্মিলন আৰু লুইতপৰীয়া স্বৰ্ণশাখা সাহিত্য সভাৰ উদ্যোগত শিল্পী দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয় ।

জ্যোতি তীৰ্থত শিল্পী দিৱস উদযাপন
জ্যোতি তীৰ্থত শিল্পী দিৱস উদযাপন
তামোলবাৰীৰ ৰূপকোঁৱৰৰ জন্মগৃহত শিল্পী দিৱস উদযাপন

মৰাণ, ১৭ জানুৱাৰী : বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৩ সংখ্যক মৃত্যু দিৱস । অসমৰ জাতীয় জীৱনৰ মহান মনীষী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস অৰ্থাৎ শিল্পী দিৱস বুধবাৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ তামোলবাৰীতো উদযাপন কৰা হয় ।

উল্লেখ্য যে প্ৰতিবছৰে ১৭ জানুৱাৰীত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আৰু কৰ্মৰাজিক সোঁৱৰণ কৰাৰ বাবে ৰাজ্যবাসীয়ে এই শিল্পী দিৱস উদযাপন কৰে । এই উপলক্ষে ৰাজ্যজুৰি আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠান । গীতে-মাতে-কবিতাৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ কৰা হৈছে তেওঁৰ মৃত্যুতিথিত । সমান্তৰালকৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাৰ জ্যোতি তীৰ্থতো মাৰোৱাৰী সন্মিলন আৰু লুইতপৰীয়া স্বৰ্ণশাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হয় শিল্পী দিৱসৰ কাৰ্যসূচী ।

এই উপলক্ষে পুৱা তামোলবাৰীস্থিত বাসগৃহত শিল্পীজনাৰ প্ৰতিমূৰ্তিত পুষ্প মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয় । সাংবাদিক যাদৱ গগৈয়ে আঁত ধৰা অনুষ্ঠানত গীতে-মাতে আয়োজন কৰা শিল্পী দিৱসত জ্যোতিপ্ৰসাদ আগৰৱালাই অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানক স্মৰণ কৰা হয় । উল্লেখযোগ্য যে অসমীয়া কলা-সাহিত্য-সংস্কৃতিৰ অন্যতম শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৭ জুন, ১৯০৩ চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত । জ্যোতিপ্ৰসাদ আগৰৱালা আছিল অসমীয়া প্ৰথমখন চলচ্চিত্ৰৰ নিৰ্মাতা ।

অসমীয়া চলচ্চিত্ৰৰ ইতিহাসৰ অন্যতম দলিল জয়মতী ছবিৰ সমান্তৰালভাৱে জ্যোতিপ্ৰসাদ আগৰৱালাই গীতিকাৰ, নাট্যকাৰ, লেখক আৰু এগৰাকী স্বাধীনতা সংগ্ৰামী হিচাপেও জাতীয় জীৱন সমৃদ্ধ কৰি গৈছে । ১৯৫১ চনৰ ১৭ জানুৱাৰীত মৃত্যুবৰণ কৰা মহান শিল্পীগৰাকীক আজিও প্ৰতিগৰাকী অসমীয়াই শ্ৰদ্ধাৰে সোঁৱৰে ।

লগতে পঢ়ক :কলগাছিয়াত শিল্পী দিৱস উদযাপন, কাইলৈ জ্যোতি-বিষ্ণু-নজৰুল সন্দৰ্ভত আলোচনাচক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.