ETV Bharat / state

Student union election: ছাত্ৰ একতা সভাৰ নিৰ্বাচনত মাৰপিটৰ ঘটনা

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 1:05 PM IST

চাবুৱাৰ ডি ডি আৰ মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ মাৰপিটৰ ঘটনা ৷

Scuffle among students over student union elections at DDR College Chabua
মাৰপিটৰ ঘটনা

মাৰপিটৰ ঘটনা

ডিব্ৰুগড়, 30 ছেপ্টেম্বৰ : বিশ্ববিদ্যালয়সমূহৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়সমূহত অনুষ্ঠিত হৈছে ছাত্ৰ একতা সভাৰ নিৰ্বাচন । বহু মহাবিদ্যালয়ত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈছে যদিও বহু মহাবিদ্যালয়ত সংঘটিত হোৱা নিৰ্বাচন কেন্দ্রীক হিংসাত্মক ঘটনাই চিন্তাত পেলাইছে বৌদ্ধিক মহলক । ইয়াৰ মাজতে শুকুৰবাৰৰ নিশা চাবুৱাত সৃষ্টি হয় উত্তপ্ত পৰিৱেশৰ ।

ডি ডি আৰ মহাবিদ্যালয়ত ছাত্র একতা সভা নিৰ্বাচনক লৈ এই উত্তপ্ত পৰিৱেশ সৃষ্টি হয় । মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰে নমিনেশ্যন ফৰ্ম জমা কৰাৰ দিন ধাৰ্য কৰিছিল মহাবিদ্যালয় কৰ্তৃপক্ষই । ইয়াৰ পাচতে ফৰ্ম জমা কৰাক লৈ মহাবিদ্যালয়ত সৃষ্টি হয় বিবাদৰ ৷ ছাত্ৰ পৰিষদৰ নেতৃত্বত থকা বৰ্তমানৰ ছাত্ৰ একতা সভাৰ একাংশই গুণ্ডাৰাজ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে বহুতে । আনকি নমিনেশ্যন দাখিল কৰা কেইবাজনো ছাত্ৰক সন্ধিয়া ছাত্ৰ পৰিষদৰ একাংশই অপদস্থ আৰু মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে ।

প্ৰচণ্ড মাৰপিটৰ ঘটনাক লৈ চাবুৱা আৰক্ষী থানাত গোচৰ তৰিলে ভুক্তভোগী ছাত্ৰই । এতিয়া সকলোৱে প্ৰশ্ন কৰিছে কাৰ সাহসৰ বাবে চাবুৱাৰ আগশাৰীৰ মহাবিদ্যালয়খনত নিজ সহপাঠীক প্ৰহাৰ কৰিবলৈ মৰসাহ কৰিলে এইসকল ছাত্ৰনেতাই ? জানিব পৰা অনুসৰি অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ দখলত আছিল চাবুৱাৰ ডি ডি আৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা । সেয়ে পুনৰ ছাত্ৰ একতা সভা নিজৰ দখলত ৰখাৰ বাবে আছুকে ধৰি অন্য সংগঠনৰ সমৰ্থিত প্ৰাৰ্থীক নিৰ্বাচনত অৱতীৰ্ণ হোৱাত বাধা প্ৰদান কৰিছে ছাত্ৰ পৰিষদৰ নেতৃত্বত থকা বৰ্তমানৰ ছাত্ৰ একতা সভাৰ নেতৃত্বই ৷ ডি ডি আৰ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ মাজত সংঘটিত হোৱা এই ঘটনাক লৈ চাবুৱাত সৃ্ষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক : Darrang College: দৰং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ABVP ৰ বিজয় ধ্বজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.