ETV Bharat / state

মুখ্যমন্ত্ৰীৰ গৃহ জিলাত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ - মুখ্যমন্ত্ৰীৰ গৃহ জিলাত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

লাহোৱালত সপ্তাহতে বখলা-বখলে এৰাইছে নিৰ্মাণ কৰা নতুন পথ ৷বোকা মাটিৰ ওপৰতে কেবল চটিয়াই দিছে আলকতৰা-শিল ৷ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে কংগ্ৰেছৰ দুৰ্নীতি মুক্ত অসমৰ অৱসান ঘটোৱা বিজেপিৰ দিনটো এতিয়া এনেবোৰ দৃশ্যই জনসাধাৰণক হতাশাগ্ৰস্ত কৰি তুলিছে।

road construction corruption at dibrugarah
মুখ্যমন্ত্ৰীৰ গৃহ জিলাত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Aug 25, 2020, 9:02 AM IST

ডিব্ৰুগড়, 25আগষ্টঃ ডিব্ৰুগড় জিলাত নিৰ্মাণ কৰি থকা হৈছে প্ৰায় আঢ়ৈ কোটি টকীয়া এটা পথ । নিৰ্মাণ কৰা সপ্তাহটোৰ ভিতৰতেই এৰিছে বখলা-বখলে । আঢ়ৈ কোটি টকাৰে নিৰ্মাণ কৰা হৈছিল মাত্ৰ ৩ কিল'মিটাৰ দৈঘ্যৰ এটা পথ । ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত বাছমতীয়া পৰা জোকতলিলৈকে সংযোগী পথটোত সংঘটিত হৈছে এই ঘটনা । নিৰ্মাণ কৰাৰ এটা দিনৰ পাছতেই এৰিছে বখলা-বখলে । যাতায়তৰ ক্ষেত্ৰত বছৰৰ পিছত বছৰ ধৰি যমৰ যাতনাত ভূগি অহা ৰাইজৰ আশা পূৰণ কৰি এইবাৰ নিৰ্মাণৰ মুখ দেখিছিল পথটোৱে ।

মুখ্যমন্ত্ৰীৰ গৃহ জিলাত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত নিৰ্মিত হোৱা পথটোৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল "মেৰ্চাচ প্ৰগতি চেলচ এণ্ড চাপ্লাই" নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে। বোকা মাটিৰ ওপৰতে কেৱল চটিয়াই দিছে আলকতৰা-শিল । শূণ্য সহনশীলতাৰ শ্ল'গান আওৰোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত এতিয়া এনেবোৰ দৃশ্য সুলভ । পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে কংগ্ৰেছৰ দুৰ্নীতি মুক্ত অসমৰ অৱসান ঘটোৱা বিজেপিৰ দিনটো এতিয়া এনেবোৰ দৃশ্যই জনসাধাৰণক হতাশাগ্ৰস্ত কৰি তুলিছে । পথ নিৰ্মাণৰ বাবে বৃহৎ পৰিমাণৰ ধন আৱণ্টন হৈছে যদিও যেনে ধৰনে নিৰ্মাণ কৰিব লাগিছিল, তেনেদৰে নিৰ্মাণ নকৰা লগতে গড়কাপ্তানি বিভাগৰ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ সৈতে ঠিকাদাৰে ব্যাপক দুৰ্নীতিৰ আশ্ৰয় গ্ৰহণ কৰাৰ বাবেই পথটোৰ এনে অৱস্থা বুলি স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জিলা প্ৰশাসনক উচিত তদন্ত কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়কঃ লক ডাউনৰ বিৰোধিতাৰে শিলচৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.