ETV Bharat / state

সুৰক্ষাজনিত স্বাৰ্থত চাবুৱাত মোতায়েন ৰেপিড’ এক্সন ফ’ৰ্চ - নাগৰিকত্ব সংশোধনী আইনৰ শুনানি

নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি ৰাজ্যত সুৰক্ষা বৃদ্ধি কৰিছে প্ৰশাসনে ৷ অন্য প্ৰান্তৰ দৰে চাবুৱাত পৰিস্থিতি অপৰিৱৰ্তিত ৰখাৰ উদ্দেশ্যে প্ৰশাসনে মোতায়েন কৰিছে ৰেপিড’ এক্সন ফ’ৰ্চ ৷

চাবুৱা
ৰেপিড’ এক্সন ফ’ৰ্চ
author img

By

Published : Jan 22, 2020, 11:38 AM IST

ডিব্ৰুগড়,22 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ শুনানিক লৈ শংকিত হৈ পৰিছে ৰাজ্য চৰকাৰ ৷ সমান্তৰালকৈ নিৰাপত্তা ব্যৱস্থাকলৈয়ো উদ্বিগ্ন চৰকাৰখন। ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে চাবুৱাতো নিৰাপত্তাৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। লগতে নিৰাপত্তাৰক্ষীৰ বিশেষ বাহিনী মোতায়েন কৰা হৈছে চাবুৱাত ।

চাবুৱাত মোতায়েন ৰেপিড’ এক্সন ফ’ৰ্চ

দৰাচলতে বিগত সময়ত নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ প্ৰতিবাদৰ সন্মুখীন হৈছিল প্ৰতিগৰাকী চৰকাৰৰ প্ৰতিনিধি ৷ প্ৰতিবাদে অগ্নিগৰ্ভা ৰূপ ধাৰণ কৰিছিল খোদ মুখ্যমন্ত্ৰীৰ গৃহ জিলাত । তদুপৰি প্ৰতিবাদত জ্বলাই দিয়া হৈছিল বিধায়ক বিনোদ হাজৰিকাৰ ঘৰকে ধৰি চক্ৰ বিষয়াৰ কাৰ্যালয়,বেংক,ৰে’ল ষ্টেচনৰ লগতে যান বাহন ইত্যাদি ৷ সেইসূত্ৰে চাবুৱাত মোতায়েন কৰা হৈছে বিশেষ ৰেপিড’ এক্সন ফ’ৰ্চ ৷ বুধবাৰৰ দিনটোত সাম্ভাব্য যিকোনো অঘটনৰ আশংকাত প্ৰশাসনে মজুত কৰিছে এই নিৰাপত্তা ব্যৱস্থা। উল্লেখ্য যে,বুধবাৰৰ দিনটোত নাগৰিকত্ব সংশোধনী আইনৰ শুনানিৰ বাবেই ডিব্ৰুগড়ত একপ্ৰকাৰে বন্ধৰ পৰিৱেশ সৃষ্টি হৈছে ৷ জিলাখনৰ প্ৰান্তে প্ৰান্তে ব্যৱসায়িক প্ৰতিষ্ঠান,যানবাহন আদিৰ চলাচল বন্ধ হোৱাৰ লগতে শিক্ষানুষ্ঠান সমূহো বন্ধ থাকে বুধবাৰৰ দিনটোত ৷

লগতে চাওকঃচাপৰত অবৈধভাৱে মাটি কঢ়িওৱা ৩ খন ট্ৰেক্টৰ জব্দ

Intro::কাৰ শুনানিৰ নিৰাপত্তাক লৈ উদ্বিগ্ন চৰকাৰ।নিৰাপত্তাৰ দিশত অত্যাধিক গুৰুত্ব। বিশেষ বাহিনী মোতায়েন।মুখ্যমন্ত্ৰীৰ জন্ম ঠাই
চাবুৱাত মোতায়েন কৰা হৈছে বিশেষ Repid Action Force (RAF)। CAA-শুনানিৰ পূৰ্বে যিকোনো অঘটনৰ আশংকাত প্ৰশাসনৰ এই নিৰাপত্তা ব্যৱস্থা।
উল্লেখ যে ডিব্ৰুগড় নাগৰিকত্ব সংশোধনী বিধেয়ক আইনলৈ ৰূপান্তৰ হোৱাৰ সময়তে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছিল চাবুৱাত।
প্ৰতিবাদে অগ্নিগৰ্ভা ৰূপ ধাৰণ কৰিছিল খুদ মুখ্যমন্ত্ৰীৰ গৃহ ভূমিত।
হিংস্ৰ প্ৰতিবাদত
জ্বলাই দিয়া হৈছিল বিধায়ক বিনোদ হাজৰিকাৰ ঘৰ,চক্ৰ বিষয়াৰ কাৰ্য্যালয়,বেং, ৰেল ষ্টেচনৰ লগতে বাহন ইত্যাদি।
আজি পুনৰ শুনানিৰ সময়ত সাম্ভাব্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে তৎপৰ হৈ পৰিছে প্ৰশাসন।Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.