মৰাণ,২২ এপ্ৰিল: অসমৰ ঔদ্যোগিক ক্ষেত্ৰক শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হ'ল নামৰূপত অৱস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প'ৰেচন লিমিটেডৰ(বিভিএফচিএল) বৃহৎ প্ৰকল্প ।নামৰূপৰ বিভিএফচিএলৰ ইউৰিয়া উৎপাদন গোটৰ কাৰ্যক্ষমতা অব্যাহত ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে ১০০ কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়়াইছিল ।
ইতিমধ্যে প্ৰকল্পৰ কাম দ্ৰুতগতিত আগবাঢ়িছে । বৃহস্পতিবাৰে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে নামৰূপত অৱস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প'ৰেচন লিমিটেডৰ প্ৰকল্প পৰিদৰ্শন কৰি বিষয়া কৰ্মচাৰী সকলৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে । লগতে সমগ্র বিভিএফচিএল গোটতো নিৰীক্ষণ কৰে ।
লগতে পঢ়ক:পঞ্চভূতত বিলীন হ’ল কণ্ঠশিল্পী ভিতালী দাস