ETV Bharat / state

BJP criticized Congress; কংগ্ৰেছ হৈছে কেৱল ৰাইজক ঠগা পাৰ্টীহে : ৰামেশ্বৰ তেলী

‘‘চাহ বাগিচাৰ উন্নয়ন বিজেপি চৰকাৰৰ দিনত হৈছে ৷ লোকসভাত ডিব্ৰুগড়-তিনিচুকীয়াত পূৰ্বতকৈ বিজেপিৰ ভোট বৃদ্ধি পাব ৷ কংগ্ৰেছ হৈছে কেৱল ৰাইজক ঠগা পাৰ্টীহে ৷’’ এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ৷

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 1:30 PM IST

BJP criticized Congress
কংগ্ৰেছক সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

ডিব্ৰুগড়, ১৪ অক্টোবৰ : সমাগত লোকসভা নিবাৰ্চনক লৈ প্ৰতিটো ৰাজনৈতিক দলে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ কৰিছে সাংগঠনিক কাম-কাজ । শাসক দলৰ সমান্তৰালভাৱে বিৰোধী কংগ্ৰেছ আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে ।

ৰাজ্যৰ প্ৰতিটো লোকসভা সমষ্টিৰ দৰে ডিব্ৰুগড় লোকসভা সমষ্টি বিজেপিয়ে নিজৰ দখলত পুনৰ ৰাখিবলৈ দলীয় বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি থকা পৰিলক্ষিত হৈছে । বৰ্তমান ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী শাসক দল বিজেপিৰ ডিব্ৰুগড় লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হোৱাটো প্ৰায় নিশ্চিত হৈ আছে ।

কিয়নো যোৱা লোকসভা আৰু বিধানসভাত সমগ্ৰ ডিব্ৰুগড় জিলাখনত বিজেপিৰ ভোটৰ সংখ্য যথেষ্ট ভাল । সেয়ে ডিব্ৰুগড় লোকসভা সমষ্টি বিজেপিৰ দুৰ্গলৈ পৰিণত হৈছে । ডিব্ৰুগড়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সমাগত লোকসভা নিবাৰ্চনত ডিব্ৰুগড় আৰু তিনিচুকীয়াত বিজেপিৰ ভোট পূৰ্বতকৈ বৃদ্ধি পাব আৰু দলে যি দায়িত্ব দিয়ে এজন কৰ্মী হিচাপে মানি ল’ম বুলি মন্তব্য কৰে কেন্দ্ৰীয় ৰামেশ্বৰ তেলীয়ে ।

লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয় । তেওঁ কয়, ‘‘কংগ্ৰেছ ৰাইজক ঠগা পাৰ্টী ৷ চাহ বাগিচাৰ উন্নয়ন বিজেপি চৰকাৰৰ দিনত হৈছে । কিন্তু কংগ্ৰেছে বাগিচাই বাগিচাই কংগ্ৰেছ কাৰ্যসূচী কৰি সময় খৰচ কৰিছে । বিজেপিয়ে বনাই দিয়া বাগিচাৰ পথত কংগ্ৰেছ সভাপতি ভূপেন বৰাই চাইকেল চলাই বাগিচাই বাগিচাই কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী কৰিছে’’ ৷

তেওঁ আৰু কয়, ‘‘এই চৰকাৰৰ দিনতে বিজুলি, চাউল আদিৰ ব্যৱস্থা কৰা হৈছে বাগানত ৷ বাগানত বিবাহ ভৱনো নিৰ্মাণ কৰা হ’ব ৷ কিয়নো বাগানৰ অধিকাংশ মানুহেই বাস কৰে কোৰ্ৱাটাৰত ৷ সেয়ে বাগানৰ মানুহে বিজেপিক ভাল পায়’’ ৷

লগতে পঢ়ক : Health sector of Assam : মামা-ভাগিনৰ সম্পৰ্ক শেষ বুলি কিয় দাবী কৰিলে ৰাণা গোস্বামীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.