ডিব্ৰুগড়,30অক্টোবৰঃ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে নতুন দিল্লীলৈ প্ৰেৰণ কৰা হৈছে । উচ্চ ৰক্তচাপ, মধুমেহ, হৃদযন্ত্ৰৰ এটা সৰু ব্লক থকাৰ লগতে পেচমেকাৰৰো প্ৰয়োজন হ'ব বুলি জানিব পৰা গৈছে । মঙলবাৰে সন্ধিয়া ডিগবৈৰ পৰা তিনিচুকীয়া অ-সামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগত ভৰ্তি হৈছিল কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক। পাচত হৃদৰোগ বিভাগৰ মুৰব্বী চিকিৎসক ডঃ হেমচন্দ্ৰ কলিতাৰ নেতৃত্বত এদল চিকিৎসকে চিকিৎসা প্ৰদান কৰিছিল যদিও বুধবাৰে তেওঁৰ স্বাস্থ্যৰ বিভিন্ন পৰীক্ষাৰ অন্তত চিকিৎসকে দিল্লীৰ এইমছ নাইবা মেডান্ত মেডিচিটিলৈ যোৱাৰ বাবে পৰামৰ্শ আগবঢ়াই। যাৰ বাবে বুধবাৰে দুপৰীয়া চিকিৎসকৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকী নতুন দিল্লীলৈ উন্নত চিকিৎসাৰ বাবে বিমান যোগে প্ৰেৰণ কৰা হয়। উল্লেখ্য যে ডিগবৈত গান্ধী সংকল্প যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি থকা অৱস্থাতে অসুস্থ হৈ পৰিছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী।
লগতে পঢ়কঃহঠাৎ অসুস্থ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ICUত ভৰ্তি