মৰাণ,১৫ মে': সমগ্ৰ দেশৰ লগতে অসমতো ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহামাৰী ক'ভিডৰ দ্বিতীয়টো ঢৌৱে । ৰাজ্যৰ আন আন জিলাৰ লগতে ডিব্ৰুগড় জিলাতো বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণ ।
জিলাখনৰ এখনৰ পাচত আন এখন চাহ বাগিচাত ক'ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰি কৰিছে । বন্ধ হৈ পৰিছে বহু কেইখন চাহ বাগিচা ।
প্ৰশাসন আৰু স্বাস্থ্য বিভাগে চাহ বাগিচাসমূহত ক'ভিড প্ৰতিৰোধৰ বাবে সকলো নীতি-নিয়ম বাগিচাৰ কৰ্তৃপক্ষক নিৰ্দেশ দিছে যদিও চাহ বাগিচা এলেকাত ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাই আছে ।
শুকুৰবাৰে দুলীয়াজানৰ শান্তি চাহ বাগিচাৰ ক'ভিড পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণে । মন্ত্ৰী দুগৰাকীক সংগ দিলে দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালাই ।
মন্ত্ৰী দুগৰাকীয়ে শান্তি চাহ বাগিচাত উপস্থিত হৈ বাগিচাৰ শ্ৰমিকসকলে চৰকাৰে প্ৰৱৰ্তন কৰা ক'ভিড প্ৰটকলসমূহ সম্পূৰ্ণৰূপে মানি চলিছে নে নাই তাৰ ওপৰত পৰ্যবেক্ষণ কৰে ।
লগতে আটাইকেইগৰাকী জনপ্ৰতিনিধিয়ে বাগিচাখনৰ পৰিচালককে ধৰি বিষয়াসকলক ক'ভিড প্ৰট'কল যাতে কেতিয়াও অৱহেলা নকৰে তাৰ ওপৰত তীক্ষ্ণ নজৰ দিবলৈ নিৰ্দেশ প্ৰদান কৰে ।
লগতে পঢ়ক: ক'ভিড আক্ৰান্তৰ পদূলিত ওলমিব পোষ্টাৰ