ETV Bharat / state

উপাচাৰ্যৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ধাৰাবাহিক আন্দোলন

author img

By

Published : Jan 28, 2021, 5:38 PM IST

বিশ্ববিদ্যালয়ৰ বিষয়া সন্থা, বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সন্থা আৰু বিশ্ববিদ্যালয়ৰ সন্মানীয় শিক্ষক সন্থাৰ পাছত এইবাৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত কঁপি উঠিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদ ৷ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰী সকলে ৷

protest-against-vc-of-dibrugarh-university-by-student
উপাচাৰ্যৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ধাৰাবাহিক আন্দোলন

ডিব্ৰুগড়,28 জানুৱাৰী: উজনি অসমৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ ৷ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড৹ ৰঞ্জিত তামূলীৰ বিৰুদ্ধে উৎথাপিত হোৱা বিত্তীয় অনিয়মৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু দুখিক কঠোৰ শাস্তি দিয়াৰ দাবীত বৃহস্পতিবাৰে বিশ্ববিদ্যালয় খনৰ চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে ৷ বিশ্ববিদ্যালয়ৰ আছু গোটৰ আহ্বানত ছাত্ৰ ছাত্ৰী সকল উলাই আহি উপাচাৰ্যৰ কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিৰুদ্ধে যোৱা 11 জানুৱাৰীত প্ৰতিবাদ সাব্যস্ত কৰি তথা তেখেতৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত বিচাৰি আচাৰ্য আৰু পঞ্জীয়কক স্মাৰক পত্ৰ প্ৰদান কৰি 15 দিনৰ সময় বান্ধি দিছিল প্ৰতিবাদকাৰী সকলে ৷ কিন্তু এই সময় পাৰ হোৱা পাছতো কোনো ফল নাপাই বৃহস্পতিবাৰে পুণৰ উপাচাৰ্য কাৰ্যালয়ৰ সন্মূখত এইদৰে প্ৰতিবাদত নামি পৰিছে প্ৰতিবাদকাৰী সকল ৷

মন কৰিবলগীয়া যে,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্বয়ং মুৰব্বী উপাচাৰ্যৰ বিৰুদ্ধে উত্থাপিত হোৱা বিত্তীয় অনিয়মৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু দোষীক শাস্তিৰ দাবীত ইতিমধ্যে বিশ্ববিদ্যালয়ৰ বিষয়া সন্থা, বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সন্থা আৰু বিশ্ববিদ্যালয়ৰ সন্মানীয় শিক্ষক সন্থাইয়ো পৃথকে পৃথকে আন্দোলন কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ আনহাতে বিশ্ববিদ্যালয়ৰ কৰ্ট সভাৰ সদস্য তথা বিধায়ক ঋতুপৰ্ণ বৰুৱাইয়ো ইতিমধ্যে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিৰুদ্ধে উচিত তদন্ত বিচাৰি আৰ্চায তথা ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰিছে ৷ কিন্তু এই পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ নকৰাত উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ এতিয়া প্ৰতিবাদ স্থলীলৈহে ৰূপান্তৰিত হৈছে ৷

উপাচাৰ্যৰ কৰ্মকাণ্ডত নাক কোচখাবলৈ ধৰিছে কৰ্মচাৰী,বিষয়া, শিক্ষক সমাজৰ ৷ আনহাতে শীঘ্ৰে উচিত পদক্ষেপ গ্ৰহণ নকৰিলে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী বৰ্তি থাকিব বুলি সকীয়নি প্ৰদান কৰিছে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়কঃ কেন্দ্ৰৰ প্ৰৰোচনাত দিল্লীত হিংসাত্মক ঘটনা সংঘটিত হৈছে : শিৱসেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.