ETV Bharat / state

Protest in Namrup: সাৰকাৰখানা বন্ধৰ পৰামৰ্শৰ বিৰোধিতাৰে উত্তাল নামৰূপ - Protest in Namrup

নিটি আয়োগৰ অধ্যক্ষতাত গ্ৰুপ অৱ অফিচাৰ্ছৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত ২০২২ চনৰ ১২ আগষ্টত নামৰূপ সাৰকাৰখানা বন্ধৰ পৰামৰ্শ আগবঢ়াইছিল । আজি ৰাইজে এই বিষয়ে অৱগত হোৱাত ওলাই আহিল প্ৰতিবাদৰ বাবে ।

Mass protest for namrup fertilizer issue
নামৰূপ সাৰকাৰখানা বন্ধৰ পৰামৰ্শ
author img

By

Published : Jul 22, 2023, 9:26 PM IST

সাৰকাৰখানা বন্ধৰ পৰামৰ্শৰ বিৰোধিতাৰে উত্তাল নামৰূপ

নাহৰকটীয়া, ২২ জুলাই: সাংসদ গৌৰৱ গগৈয়ে লোকসভাত কেন্দ্ৰীয় ৰাসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভগৱন্ত খুবাইক সোধা এক প্ৰশ্নৰ উত্তৰত নিটি আয়োগৰ অধ্যক্ষতাত গ্ৰুপ অৱ অফিচাৰ্ছৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত ২০২২ চনৰ ১২ আগষ্টত নামৰূপ সাৰকাৰখানা বন্ধৰ পৰামৰ্শ দিয়ে ।

এই সমগ্ৰ পৰিঘটনা এবছৰ পাৰ হোৱাৰ পাচতহে নামৰূপৰ ৰাইজে অৱগত হোবাত হতবাক হৈছে নামৰূপৰ ৰাইজ । আজি নামৰূপ সোণাৰী তিনিআলিত ৰাইজে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি স্বতঃস্ফূৰ্ত ভাৱে ওলাই আহি এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। প্ৰতিবাদী সভাৰ মাজতেই ৰাইজে প্ৰধানমন্ত্ৰী, সাৰমন্ত্ৰীয়, মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়কৰ পুত্তলিকা দাহ কৰে ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈয়ে কয় যে বিগত দুটা দশক ৰাইজে নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে আন্দোলন কৰি আহিছে । ৰাইজৰ এই আন্দোলন শাসক পক্ষই সময়ে সময়ে মষিমূৰ কৰিবলৈ বিভিন্ন টোপ দি আহিছে ৷

অৱশেষত আজি সকলো কথা পৰিস্কাৰ হ'ল আৰু এতিয়াৰে পৰা নামৰূপবাসী ৰাইজ সাৰকাৰখানাটো ৰক্ষা কৰিবৰ বাবে সাজু হ'বৰ হ'ল ৷ ছাত্ৰ নেতাজনে পুনৰ কয় যে চৰকাৰে নিৰ্বিনিয়োজন নীতিৰ অধীনত সাৰকাৰখানাটো অন্তভুৰ্ক্ত কৰাৰ সময়ত আছুৱে কৰা সংগ্ৰামক সংযম হ'বলৈ বিভিন্ন ৰাজনৈতিক পক্ষই কৈছিল যদিও আজি সকলো কথা স্পষ্ট হ'ল আৰু আছুৱে সাৰকাৰখানা ৰক্ষাৰ বাবে অনাগত সময়ত ব্যাপক আন্দোলনৰ বাবে সাজু হৈছে ৷

ফাৰ্টিলাইজাৰ শ্ৰমিক ইউনিয়নৰ নেতা নবীন বৰুৱাই কয় যে আজি অসমীয়া হিচাপে আমি লাজ পাইছোঁ । কাৰণ যি সময়ত নমিনেচন পদ্ধতিৰে দেশৰ অন্য প্ৰান্তত থকা বন্ধ সাৰ উদ্যোগসমূহ পুনৰুজ্জীৱিত কৰিছে সেই সময়ত চলি থকা এটা উদ্যোগ বন্ধ কৰিবলৈ দিয়া পৰামৰ্শ অতি লজ্জাজনক । এই সন্দৰ্ভত অসমৰ সাংসদসকলে লজ্জা অনুভৱ কৰিছে নে নাই বুলি প্ৰশ্ন উত্থাপন কৰি সাংসদ হৈ থকাৰ সময়ত বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সাৰকাৰখানাৰ চতুৰ্থগোটৰ সন্দৰ্ভত গৰ্জন আৰু ছাত্ৰ সন্থাৰ মজিয়াত থাকোতে বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈয়ে কৰা হুংকাৰকো সোঁৱৰাই দিয়ে ৷

নামৰূপ ফাৰ্টিলাইজাৰ ইণ্ডিপেণ্ডেন্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মৃণাল সন্দিকৈয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ নামৰূপ সাৰকাৰখানাৰ চতুৰ্থগোট নিৰ্মাণৰ কোনো সদিচ্ছা নাই আৰু অসমীয়াৰ আৱেগৰ লগত জড়িত এই উদ্যোগটো কোনো কাৰণতেই বন্ধ কৰিবলৈ দিয়া নহ'ব । শ্ৰমিক নেতাজনে কয় যে সাৰকাৰখানাৰ দ্বিতীয় গোটটো স্ক্ৰেপত দিয়াৰ কথা শুনা পোৱা গৈছে আৰু এই কাৰ্য যিকোনো প্ৰকাৰে বাধা দিয়া হ'ব ৷

আনহাতে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নামৰূপ আঞ্চলিক সমিতি সভাপতি সঞ্জীৱ গগৈয়ে কয় যে ৰাইজক মিথ্যাচাৰৰ মাজত ৰাখি সাৰকাৰখানাৰ বিষয়টো গাপ দি ৰাখিছিল আৰু আজি সত্যটো উন্মোচিত হৈছে । এই সভাত তেওঁ সকলোকে একত্ৰিত হৈ জেষ্ঠসকলক এই দুৰ্যোগৰ সময়ত এটা উচিত মাগদৰ্শন কৰিবলৈ আহ্বান জনাই।

আজিৰ এই প্ৰতিবাদী সভাত নামৰূপৰ সমূহ দল-সংগঠনে বক্তব্য আগবঢ়াই আৰু সাৰকাৰখানাৰ ৰক্ষাৰ সংগ্ৰামখন সবলভাৱে আগঢ়াই নিবলৈ জাতি বৰ্ণ নিৰ্বিশেষ আৰু দল সংগঠন নিৰ্বিশেষ একগোট হ'বলৈ অংগীকাৰবদ্ধ হয় ।

লগতে পঢ়ক: AASU protest : নামৰূপ সাৰ কাৰখানা ব্যক্তিগতকৰণৰ সিদ্ধান্ত কোনোপধ্যেই মানি লোৱা নহয়

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.