ETV Bharat / state

চাবুৱাত 'কা' ৰ বিৰুদ্ধে আছুৰ জোঁৰ সমদল

নাগৰিকত্ব সংশোধনী আইন (কা) ৰ বিৰুদ্ধে আছুৰ জোঁৰ সমদল ৷ চাবুৱাত 'কা' আইন বাতিলৰ দাবীৰে দ্বিতীয় বাৰলৈ প্ৰতিবাদত নামিল আছুৰ কৰ্মকৰ্তা ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৱদ্ধ চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ ৷ কোনো কাৰণতে আইন মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷

author img

By

Published : Dec 26, 2020, 9:45 AM IST

Jor samadal by AASU at Chabua
চাবুৱাত 'কা' ৰ বিৰুদ্ধে আছুৰ জোঁৰ সমদল

মৰাণ, 26 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰি শুকুৰবাৰে সন্ধিয়া চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰে ৷ 'কা' আইন বাতিলৰ দাবী উত্থাপন কৰি প্ৰতিবাদকাৰী সকলে শুকুৰবাৰে বহু সময় ধৰি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে ৷

Jor samadal by AASU at Chabua
কোনো কাৰণতে আইন মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ত দ্বিতীয়বাৰৰ বাবে 'কা' ৰ বিৰুদ্ধে প্ৰতিবাদ সবল কৰি গঢ়ি তুলি চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শতাধিক আছু কৰ্মীয়ে জোঁৰ সমদলেৰে চবুৱা উত্তাল কৰি তোলে ৷

37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদকাৰী সকলে কোনো কাৰণতে এই গ্ৰহণ কৰা ন'হব বুলি চৰকাৰক সকীয়াই দিয়ে ৷ আইনখন মানি নোলোৱাৰ হুংকাৰ দি প্ৰতিবাদকাৰী সকলে ৰাজ্য চৰকাৰক সকীয়াই দি কয় যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনা আইন বাতিলৰ বাবে চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে 2021 ৰ বিধানসভা নিৰ্বাচনত চৰকাৰ সম্পূৰ্ণৰূপে নিঃশেষ হ'ব ৷

উল্লেখ্য যে 'কা'আন্দোলনৰ পৰিপ্ৰেক্ষিততে ৰাজ্যৰ ৰাজনীতিত আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৃষ্ঠপোষকতাত ইতিমধ্যে দুটাকৈ আঞ্চলিকতাবাদী ৰাজনৈতিক দলে পদাৰ্পন কৰিছে ৷ এনেক্ষেত্ৰত নাগৰিকত্ব সংশোধনী আইন খন বাতিলৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে 2021 ৰ নিৰ্বাচন কেনে প্ৰভাৱ পৰে সেইয়া লক্ষণীয় হ'ব ৷
লগতে পঢ়ক:পুনৰ 'কা' বিৰোধী প্ৰতিবাদত উত্তাল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.