মৰাণ, 22 ডিচেম্বৰ: ডিব্ৰুগড় জিলা ভাৰতীয় জনতা যুৱ মৰ্চা আৰু ক্ৰীড়া বিভাগৰ উদ্যোগত প্ৰয়াত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে অহা 24 আৰু 25 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে মৰাণ চাহ বাগিচা খেলপথাৰ (আমগুৰি লাইন)ত এখন আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰে ৷ দুয়োটা দিনৰ খেল কেইখন 'এ' আৰু 'বি' দুটা ভাগত ভাগ কৰা হৈছে ৷
![মৰাণত আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8026to8027-prizemoneyfootballcompetitionorganizeatmoran-as10031_22122020183832_2212f_1608642512_33.jpg)
ইয়াৰে 'এ' গ্ৰুপৰ দলকেইটা ক্ৰমে মিৰীহোলা এফ চি, মৰাণ টি ষ্টেট, মৰাণ টাউন ক্লাৱ ফুটবল একাডেমী আৰু ৰাজগড় জি স্প'ৰ্টচ একাডেমী ৷ আনহাতে 'বি' গ্ৰুপৰ দলকেইটা ক্ৰমে মৰাণ ফুটবল একাডেমী, চেপন স্প'ৰ্টচ এচ'চিয়েছন, হল'গুৰি এফ চি আৰু ৰাজগড় এফ চি ৷
লগতে পঢ়ক: দুটা বছৰ পূৰ্বে বিশ্বনাথৰ পৰা চুৰি হোৱা মটৰ চাইকেল উদ্ধাৰ ক'হিমাত