মৰাণ,26 এপ্ৰিল: ক'ভিড-19 ৰ সংক্ৰমণৰ সুযোগ বুজি ডিব্ৰুগড়ত একাংশ অসাধু ব্যৱসায়ীয়ে বৃদ্ধি কৰিছে গুটখা, পাণ-মচলাৰ মূল্য ৷ ৰাজ্যত সান্ধ্য আইন জাৰি কৰাৰ পাচতে একাংশ দুষ্ট ব্য়ৱসায়ীয়ে ইচ্ছা অনুসৰি বৃদ্ধি কৰিছে চুপাৰী, পাণ-মচলা আৰু গুটখা জাতীয় সামগ্ৰীৰ মূল্য ৷
পূৰ্বৰ তুলনাত দ্ৰুতগতিত হোৱা মূল্যবৃদ্ধিয়ে এতিয়া হাহাকাৰ লগাইছে খুচুৰা ব্যৱসায়ী তথা গ্ৰাহকৰ মাজত ৷ কিন্তু হঠাতে এনেকৈ পাইকাৰী ব্য়ৱসায়ীসকলে মূল্যবৃদ্ধি কৰাত বিপদত পৰিছে খুচুৰা ব্যৱসায়ীসকল ৷ ব্য়ৱসায়ীসকলৰ মতে, ডিব্ৰুগড়ৰ বজাৰত কোনো অসাধু চক্ৰই চলাই আছে গুটখা জাতীয় সামগ্ৰীৰ চিণ্ডিকেট ৷ যাৰ পৰিপ্ৰেক্ষিতত বৃদ্ধি পাইছে সামগ্ৰীৰ মূল্য ৷
লগতে পঢ়ক: গালীত ড্ৰাগছৰ ঘাটি উৎখাত