ETV Bharat / state

হাঁ‌হচৰা বৰনামঘৰত ৰাসৰ আয়োজন - অসম পেট্ৰ’কেমিকেল

নাহৰকটীয়াৰ চাচনীৰ হাঁ‌হচৰা বৰনামঘৰত ৰাসৰ আয়োজন ৷ ৰাস উদযাপনক কেন্দ্ৰ কৰি উৎফুল্লিত হৈ পৰিছে চাঁচনীবাসী ৷ হাঁহচৰাবাসীয়ে প্ৰতি দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা ৰাস মহোৎসৱৰ এইবেলি অষ্টাদশ বৰ্ষ ৷ এই ৰাস দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব 2021 ৰ 9-10 জানুৱাৰীত ৷

Preparation for Rash at Sasoni Bor namghar moran dibrugarh assam etv bharat news
হাঁ‌হচৰা বৰনামঘৰত ৰাসৰ আয়োজন
author img

By

Published : Dec 22, 2020, 5:50 PM IST

মৰাণ,22 ডিচেম্বৰ: ৰাস উদযাপনক কেন্দ্ৰ কৰি উৎফুল্লিত হৈ পৰিছে চাঁচনীবাসী ৷ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ চাঁচনীৰ হাঁহচৰা বৰ নামঘৰত মহা আড়ম্বৰেৰে উদযাপন কৰা হ’ব ৰাস ৷ আখৰাৰ সমান্তৰালকৈ উদ্যোক্তাসকলে বাকী সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ হাঁহচৰাবাসীয়ে প্ৰতি দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা ৰাস মহোৎসৱৰ এইবেলি অষ্টাদশ বৰ্ষ ৷ এই ৰাস দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব 2021 ৰ 9-10 জানুৱাৰীত ৷

হাঁ‌হচৰা বৰনামঘৰত ৰাসৰ আয়োজন

উদ্যোক্তাসকলে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কবিতা আবৃত্তি, চিত্ৰাংকন, আকস্মিক বক্তৃতা আদি অনুষ্ঠিত কৰা হ’ব বুলি সদৰী কৰে ৷ অসম পেট্ৰ’কেমিকেলৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাই উদ্বোধন কৰিবলগা এই ৰাস মহোৎসৱ পূৰ্বতকৈ মনোগ্ৰাহী হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷

লগতে চাওকঃ কৰ'ণা মহামাৰীৰ কালচোৱাত ভাৰতত যৌন শিক্ষাৰ প্ৰয়োজনীয়তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.