ETV Bharat / state

মন্ত্ৰী যোগেন মহনৰ গৃহ সমষ্টিত মুগা সূতা উৎপাদন কেন্দ্ৰৰ শ্মশান যাত্ৰা

author img

By

Published : Oct 3, 2021, 8:32 PM IST

জৰাজীৰ্ণ ৰূপ লৈছে কেবিনেট মন্ত্ৰী যোগেন মহনৰ গৃহ সমষ্টিৰ মুগা সূতা উৎপাদনৰ চৰকাৰী ক্ষুদ্ৰ উদ্যোগে ৷ কাৰ্যালয়লৈ নহাকৈ কৰ্মচাৰীয়ে লাভ কৰিছে চৰকাৰী দৰমহা ৷ সোণালী সূতা উৎপাদন কৰা চৰকাৰী উদ্যোগটো এইদৰে ধ্বংস হৈ পৰাত ক্ষোভিত হৈছে স্থানীয় ৰাইজ আৰু দল সংগঠন ৷

জৰাজীৰ্ণ ৰূপ লৈছে কেবিনেট মন্ত্ৰী যোগেন মহনৰ গৃহ সমষ্টিৰ মুগা সূতা উৎপাদনৰ চৰকাৰী ক্ষুদ্ৰ উদ্যোগে

মৰাণ, 3 অক্টোবৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয় কাৰ্যক্ষম কৰি চৰকাৰী কৰ্মচাৰীৰ মাজত কৰ্ম-সংস্কৃতি বৃদ্ধি কৰাৰ কথা ঘোষণা কৰা সময়তে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনৰ গৃহ পঞ্চায়তৰ এটি চৰকাৰী প্ৰতিষ্ঠানৰ জৰাজীৰ্ণ ৰূপে চকু কপালত তুলিব আপোনাৰ ।

জানিব পৰা মতে, ৮০ ৰ দশকতে প্ৰতিষ্ঠা কৰা হৈছিল মুগা সূতা উৎপাদনৰ এটা ক্ষুদ্ৰ উদ্যোগিক প্ৰতিষ্ঠান । চৰাইদেউ জিলাৰ ১০৫ নং মাহমৰা সমষ্টিৰ, নিজখালৈঘুগুৰা গাঁও পঞ্চায়তৰ পাটসাঁকো গাঁৱত প্ৰতিষ্ঠা কৰা হৈছিল এই উদ্যোগটো । কিন্তু পৰিতাপৰ কথা এই ক্ষুদ্ৰ অনুষ্ঠানতো বিগত কেইবাদশক জুৰি জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছে । বছৰ বছৰ ধৰি অব্যৱহৃত হৈ থকাৰ ফলত নষ্ট হৈ পৰিছে উদ্যোগটোত ব্যৱহৃত যন্ত্ৰপাতি সমূহ ।

সোণালী সূতাৰ দেশ বুলি পৰিচিত এইখন অসমতে মূগা সূতা উৎপাদনকাৰী এটি অনুষ্ঠান এনেদৰে ধ্বংস হৈ পৰাত ক্ষোভিত হৈছে স্থানীয় ৰাইজ আৰু দল সংগঠন । তাৎপৰ্যপূৰ্ণ বিষয় এই যে, উক্ত অনুষ্ঠানটো বিকল হৈ থকা সত্বেও কার্যালয়লৈ নহাকৈয়ে ইয়াৰ কৰ্মচাৰীয়ে চৰকাৰী দৰমহা পাই থকাৰ অভিযোগ উত্থাপিত হৈছে ।

এই ক্ষেত্ৰত স্থানীয় ৰাইজ তথা দল-সংগঠনে স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনক জনোৱা সত্বেও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ।

লগতে পঢ়ক : আৰক্ষী বিষয়া নৱ কুমাৰ বৰাৰ "অ' মোৰ মৰমৰ মিজো ভাই" শীৰ্ষক গীত উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.