ETV Bharat / state

ধ্বংসৰ গৰাহত স্বৰ্গদেউ চুপিমফাৰ দিনৰ বহু সমল

author img

By

Published : Jul 21, 2021, 7:50 PM IST

ধ্বংসৰ গৰাহত আহোম যুগৰ বহু কীৰ্তিচিহ্ন ৷ বিশেষকৈ কালৰ সোঁতত জহি-খহি যোৱাৰ উপক্ৰম হৈছে স্বৰ্গদেউ চুপিমফাৰ দিনৰ বহু ঐতিহাসিক সমল ৷ ইতিহাস প্ৰসিদ্ধ আহোম যুগৰ সমলবোৰ সংৰক্ষণ কৰিবলৈ দাবী ৰাজ্যৰ সচেতন মহলৰ লগতে বহু দল-সংগঠনৰ ৷

poor condition of historical significance of ahom dynasty
ধ্বংশৰ গৰাহত স্বৰ্গদেউ চুপিমফাৰ দিনৰ বহু সমল

মৰাণ, 21 জুলাই : সংৰক্ষণৰ অভাৱত জহি-খহি যোৱাৰ উপক্ৰম হৈছে আহোম যুগৰ কীৰ্তিচিহ্ন সমূহ ৷ বিশেষকৈ চৰাইদেউৰ বৰপাত্ৰ চাহ বাগিচাখনৰ মাজত সংৰক্ষণৰ অভাৱত জহি-খহি গৈছে স্বৰ্গদেউ চুপিমফাৰ দিনৰ কীৰ্তিচিহ্ন সমূহ ৷ অৱহেলিত আহোম যুগৰ বহু কীৰ্তিচিহ্ন সংৰক্ষণৰ দাবী জনাইছে ৰাজ্যৰ বহু দল-সংগঠনে ৷

আহোম ৰাজত্বৰ 600 বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাসৰ বহু কীৰ্তিচিহ্ন আজি কালৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম ঘটিছে । উজনি অসমৰ বহু কেইখন জিলা ক্ৰমে ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত আজিও বিদ্যমান আহোম ৰাজত্বৰ কালৰ বহু কীৰ্তিচিহ্ন । আহোমৰ যুগৰ এনে সমল বিভিন্ন ঠাইত সিঁচৰতি হৈ আছে ৷ ৰাজ্য চৰকাৰৰ চৰম অৱহেলা তথা বিভাগীয় কৰ্তৃপক্ষৰ সংৰক্ষণৰ অভাৱত সময়ৰ সোঁতত বিলীন হোৱাৰ উপক্ৰম ঘটিছে ।

এই অভিযোগ ৰাজ্যৰ কেইবাটাও দল-সংগঠনৰ ৷

ধ্বংশৰ গৰাহত আহোম যুগৰ বহু কীৰ্তি চিহ্ন

বৰ্তমান ডিব্ৰুগড় জিলাৰ জয়পুৰস্থিত আহোম যোগৰ কীৰ্তিচিহ্ন পতলাং বৰবৰুৱাৰ গড় আজিও উপেক্ষিত হৈ পৰি ৰৈছে । একেদৰে চৰাইদেউ জিলাৰ অন্তৰ্গত বৰপাত্ৰ চাহ বাগিচাখনৰ মাজত থকা আহোম স্বৰ্গদেউ চুপিমফাৰ দিনৰ কেইবাটাও কীৰ্তিচিহ্ন সংৰক্ষণৰ অভাৱত জহি-খহি গৈছে । উল্লেখযোগ্য যে, বুৰঞ্জীত উল্লেখ কৰা অনুসৰি স্বৰ্গদেউ চুহেনফাৰ দিনৰে পৰাই নগা নায়কসকলে বছৰি আহোম স্বৰ্গদেউক উপহাৰ দিবলৈ আহোম ৰাজ্যলৈ আহিছিল ।

স্বৰ্গদেউ চুপিমফাৰ দিনত খুনবাও নামৰ সুদৰ্শন ৰূপৰ নগা নায়ক এজনে আহোম স্বৰ্গদেউ চুপিমফাক বছৰেকীয়া উপহাৰ প্ৰদান কৰিবলৈ আহিছিল । চুপিমফাৰ এগৰাকী চমুৱা কুঁৱৰীয়ে ভিতৰৰ পৰা খুনবাওক চাই আছিল । স্বৰ্গদেউ চুপিমফা ৰাজপ্ৰসাদৰ ভিতৰলৈ অহাত চমুৱা কুঁৱৰীগৰাকীয়ে ৰজা চুপিমফাৰ আগত খুনবাওৰ ৰূপ-গুণৰ প্ৰশংসা কৰিলে ।

পত্নীৰ মুখত পৰপুৰুষৰ প্ৰশংসা শুনি চুপিমফা ক্ষোভিত হ’ল আৰু চমুৱা কুঁৱৰীগৰাকীক ‘‘মোতকৈ নগাহে ভাল দেখিলি’’ বুলি কৈ নানা ককৰ্থনা কৰিলে ৷ পৰৱৰ্তী সময়ত এই চমুৱা কুঁৱৰীগৰাকীক খুনবাওক দি দিয়া হ’ল । সেই সময়ত চমুৱা কুঁৱৰী আছিল সগৰ্ভা ৷ নগাচাঙলৈ যোৱাৰ কিছুদিন পাছতেই চমুৱা কুঁৱৰীৰ গৰ্ভত এটি পুত্ৰ সন্তানৰ জন্ম হয় আৰু এই পুত্ৰ সন্তানটিৰ নাম দিয়া হয় কনচেং ।

কালক্ৰমত আহোম স্বৰ্গদেউ চুহুংমুঙে এই বিষয়ে সম্ভেদ পাই সতীয়া ভাতৃ কনচেঙৰ বাবে আহোম ৰাজসভাত এটা নতুন পদবীৰ সৃষ্টি কৰিলে আৰু সেই পদবীটোৱে আছিল বৰপাত্ৰগোঁহাই পদবী । ১৪৯৭ খৃষ্টাব্দত স্বৰ্গদেউ চুহুংমুং ৰাজসভাত মন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱাৰ পিছত নগা কোঁৱৰ অৰ্থাৎ কনচেং বৰপাত্ৰগোঁহাই কালৰ বৰপাত্ৰ পুখুৰী, শিয়ান গড়, নাহৰ পুখুৰী, শুকান পুখুৰী আৰু চাংমাই শালৰ চৌকা আদি বহু সমল বৰপাত্ৰ বাগিচাখনৰ মাজত বিদ্যমান হৈ পৰে । অৱশ্যে কনচেং বৰপাত্ৰ পুখুৰীটো অসম দৰ্শনৰ অধীনত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷

ইয়াৰ আশে-পাশে থকা শিয়াল গড়, চাংমাই শাল, শুকান পুখুৰী, নাহৰ পুখুৰী সময় থাকোতেই সংৰক্ষণ কৰাৰ লগতে পৰ্যটন কেন্দ্ৰ হিচাপে গঢ় দিবলৈ ৰাজ্য চৰকাৰ তথা পৰ্যটন বিভাগক স্থানীয় দল-সংগঠনসমূহে আহ্বান জনাইছে । অন্যথা এই ঐতিহাসিক সম্পদ সমূহ এদিন কালৰ গৰ্ভত বিলীন হৈ পৰিব ৷ য’ত আজিও ঠাহ খাই আছে প্ৰচুৰ পৰিমাণৰ ৰাজনৈতিক সমল ৷

লগতে পঢ়ক: কাল কৰ’ণা : ঈদ-উজ-জোহাত নাই পূৰ্বৰ উছাহ

For All Latest Updates

TAGGED:

ahom dynasty
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.