ETV Bharat / state

সাংসদ তপন কুমাৰ গগৈৰ নিৰ্দেশক কেৰেপ নকৰে ঠিকাদাৰে ! - সোণাৰিৰ খেলপথাৰ নিৰ্মাণ

সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰহাট টিটলাগড়স্থিত ক্ৰীড়া প্ৰকল্পটো (Sports Project) বৰ্তমানেও অসম্পূৰ্ণ অৱস্থাত ৷ সাংসদ তপন কুমাৰ গগৈ (Tapan Kumar Gogoi)ৰ নিৰ্দেশৰ পাচতো সম্পূৰ্ণ হৈ নুঠিল খেলপথাৰখন ৷ খেলপথাৰ নিৰ্মাণত বিসংগতিৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ ৷

playground construction work incomplete in sonari
সোণাৰিৰ খেলপথাৰ নিৰ্মাণত বিসংগতি
author img

By

Published : Jul 19, 2021, 10:06 PM IST

মৰাণ, 19 জুলাই : চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰহাট টিটলাগড়স্থিত ক্ৰীড়া প্ৰকল্পটো (Sports Project) আজিও আছে অসম্পূৰ্ণ অৱস্থাত ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে আধাৰশিলা স্থাপন কৰা এই ক্ৰীড়া প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য আজি পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই ৷ প্ৰায় 2 কোটি 72 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান অৱস্থাত থকা এই প্ৰকল্পৰ নিৰ্মাণকাৰ্যত বিসংগতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । 2012-13 বিত্তীয় বৰ্ষৰ এক আঁচনিৰ জৰিয়তে অব্যাহত থকা ক্ৰীড়া প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য কিছু বছৰ পূৰ্বে সেই সময়ৰ বিধায়ক তথা বৰ্তমান যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ (Tapan Kumar Gogoi)য়ে পৰিদৰ্শন কৰি কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিছিল যদিও আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল ক্ৰীড়া প্ৰকল্পটো ৷

ইয়াৰ বিপৰীতে নিৰ্মীয়মান অৱস্থাত থকা সময়তে জহি-খহি যাবলৈ ধৰিছে প্ৰকল্পটোৰ গেলেৰী তথা পেভিলিয়ন । প্ৰকল্পটোৰ কাষত নলা নিৰ্মাণ কৰাৰ উপৰিও খেলপথাৰখনত 8 টা ট্ৰেক নিৰ্মাণ কৰিব লাগে যদিও সেয়াও সম্পূৰ্ণ হৈ উঠা নাই । খেলপথাৰ (Playground)খন এতিয়া সম্পূৰ্ণৰূপে খেলৰ বাবে অনুপযোগী হৈ পৰিছে । যাৰ ফলস্বৰূপে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

সোণাৰিৰ খেলপথাৰ নিৰ্মাণত বিসংগতি

শীঘ্ৰেই এই প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সাংসদ তপন কুমাৰ গগৈক দাবী উত্থাপন কৰিছে ৰাইজে ৷ ঠিকাদাৰে যেন কেৰেপেই নকৰে সাংসদ তপন কুমাৰ গগৈৰ নিৰ্দেশক ৷ ক্ৰীড়াক্ষেত্ৰত ৰাজ্যখনক আগুৱাই নিয়া হ’ব বুলি প্ৰতিখন চৰকাৰে কৈ আহিছে ৷

কিন্তু ৰাজ্যত আজিও পৰ্যাপ্ত নহয় ক্ৰীড়া প্ৰকল্পসমূহ । ৰাজ্যৰ প্ৰায়বিলাক জিলাতে কোটি কোটিটকীয়া ক্ৰীড়া প্ৰকল্পসমূহ এতিয়াও অসম্পূৰ্ণ অৱস্থাত জৰাজীৰ্ণ হৈ পৰি থকা পৰিলক্ষিত হয় ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত খেলৰ প্ৰতি আগ্ৰহী ৰাজ্যৰ যুৱক-যুৱতীসকলে খেলপথাৰৰ অভাৱত উচিত প্ৰশিক্ষণ লাভৰ পৰা বঞ্চিত হ’বলগীয়া হয় ৷

লগতে পঢ়ক : ন-নদীৰ বাঢ়নী পানীৰ কবলত বৰদলনিৰ বিস্তীৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.