ETV Bharat / state

নিশ্চিত বিপদৰ মাজেৰে যাতায়ত কৰিছে ডিব্ৰুগড়ৰ একাংশ লোকে - মৰাণ ৰাজহ চক্ৰ বিষয়া

নিশ্চিত বিপদৰ মাজেৰে যাতায়ত কৰিবলগীয়া হৈছে খোৱাং হালমাৰী চাহ বাগিচা এলেকাৰ লোকসকলে ৷ এখন কেটল ব্ৰীজেৰে দৈনিক অহা-যোৱা কৰোঁতে বিগত সময়ত বহুবাৰ সংঘটিত হৈছে দুৰ্ঘটনা (Cattle Bridge at Halmari tea estate) ৷ বিষয়টোত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

Dangerous Cattle Bridge in Dibrugarh
নিশ্চিত বিপদৰ মাজেৰে যাতায়ত কৰিছে ডিব্ৰুগড়ৰ একাংশ লোকে
author img

By

Published : May 2, 2022, 8:24 PM IST

মৰাণ, 2 মে’: বিপদ সংকুলভাৱে এখন কেটল ব্ৰীজৰ ওপৰেৰে যাতায়ত কৰিছে মৰাণৰ এখন চাহ বাগিছাৰ বাসিন্দাই (Cattle Bridge at Halmari tea estate)৷ বাগিছাখনৰ কাঁটা তাঁ‌ৰৰ ওপৰত থকা কেটল ব্ৰীজখনেৰে যাতায়ত কৰিবলগীয়া হৈছে কণ কণ ছাত্ৰ-ছাত্ৰীৰ পৰা বয়োবৃদ্ধলৈকে ৷ উপায়বিহীন হৈ কৰা এনে যাতায়তৰ ফলত বিগত বহু সময়ত দুৰ্ঘটনাও সংঘটিত হৈছে ৷

ডিব্ৰুগড়ৰ খোৱাং হালমাৰী চাহবাগিচাৰ এটা পথৰ কাষত থকা কেটল ব্ৰীজখনৰে দৈনিক পাৰ হ’বলগীয়া লগা হয় সাধাৰণ ৰাইজ । ফলত দেওবাৰে বাগিছাখনৰ এলেকাত বাস কৰা লোকসকলে একত্ৰিত হৈ কাঁটাতাঁ‌ৰ খুলি দিয়াৰ বাবে দাবী উত্থাপন কৰে কৰ্তৃপক্ষক ৷ স্থানীয় ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰাত খোৱাং আৰক্ষীৰ লগতে মৰাণ ৰাজহ চক্ৰ বিষয়া(Moran circle officer) উপস্থিত হ'ব লগা হয় অঞ্চলটোত ।

নিশ্চিত বিপদৰ মাজেৰে যাতায়ত কৰিছে ডিব্ৰুগড়ৰ একাংশ লোকে

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি হালমাৰী চাহবাগিচাৰ কাষতে থকা দুটা অঞ্চল ক্ৰমে ৰাধা গ্ৰাণ্ট আৰু জংঘল লাইনৰ ৰাইজে দীৰ্ঘদিনৰ পৰা বোকাময় পথেৰেই অহা-যোৱা কৰিবলগীয়া হৈছে (Poor condition of transportation at Halmari tea estate) ।

পথটোৰ কাষতে পকী মূল পথটো আছে যদিও বাগান কৰ্তৃপক্ষই কাঁটাতাঁ‌ৰ দি বাগানখন বেৰা দি ৰখাত প্ৰায় ৩ কিল'মিটাৰ জৰাজীৰ্ণ পথেৰে যাতায়ত কৰি মূল পথলৈ যাবলগীয়া হয় । যাক লৈ ক্ষোভিত হৈ পৰিছে দুয়োটা অঞ্চলৰ শতাধিক পৰিয়াল । কাঁটাতাঁ‌ৰ আঁ‌তৰাই কেটল ব্ৰীজ খুলি পথটোত গেটৰ ব্যৱস্থা কৰিবলৈ ৰাইজে বাৰম্বাৰ বাগান কৰ্তৃপক্ষক অনুৰোধ কৰি আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক: সৰিয়হৰ ডুলিতে ভূত: তিনিজনকৈ আৰক্ষী বিষয়াৰ চৌহদতে চোৰৰ লুট-পাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.