ডিব্ৰুগড়, 27 নৱেম্বৰ: আত্মীয়ক ৰক্ত দান কৰিবলৈ আহি দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে লেজাই কলাখোৱা অঞ্চলৰ এজন 29 বছৰীয়া যুৱকে ৷ পথ দুৰ্ঘটনাত পতিত হৈ লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিতোপন নেওগে অকাল মৃত্যুক আঁকোৱালি লয় ৷
জানিব পৰা মতে বৃহস্পতিবাৰে অসম চিকিৎসা মহাবিদ্যলয়ত আত্মীয়ক ৰক্ত দান কৰাৰ বাবে যুৱক গৰাকী ওলাই আহিছিল ৷ 29 বৰ্ষীয় যুৱকজনে মাজনিশা এনেদৰে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱা ঘটনাই এতিয়া সমগ্ৰ লেজাই কলাখোৱা অঞ্চলত শোকৰ ছাঁ পেলাইছে ৷
লগতে পঢ়ক:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম নিয়া হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ