ডিব্ৰুগড়, 6 নৱেম্বৰ : পাৰিশ্ৰমিক বৃদ্ধিৰ দাবীত টেঙাখাতত প্ৰতিবাদ অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ অধীনত সুৰক্ষাৰ কামত নিয়োজিত অইল ভি ডি পি সুৰক্ষা কৰ্মীৰ ৷ টেঙাখাতস্থিত অ' চি এছত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে শ শ অইল ভি ডি পি সুৰক্ষা কৰ্মীয়ে । ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ পৰা অহা পাঁচ শতাধিক অইল ভি ডি পি সুৰক্ষা কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷
প্ৰতিবাদকাৰীসকলে কয়, ‘‘প্ৰথমে আমাক 1,000 টকা তাৰ পাচত 1,500 আৰু এতিয়া 3,000 টকাকৈ মজুৰি দি আছিল ৷ কিন্তু যোৱা মাহত তাৰো 1,500 টকা কৰ্তন কৰিলে ৷ যি সময়ত পূজা চলি আছিল তেনে সময়তে অইল কৰ্তৃপক্ষই আমাৰ পৰা 1500 টকা কৰ্তন কৰিলে ৷ আমি কোনো দৰমহা নাপাওঁ ৷ আমাক মাত্ৰ পকেট মানি হিচাপেহে 3,000 টকা দিয়ে ৷ এই টকাৰে পৰিয়াল চলে নেকি !’’
দীৰ্ঘদিন দিন ধৰি পাৰিশ্ৰমিক বৃদ্ধিৰ বাবে দাবী কৰি আহিছে বুলি উল্লেখ কৰি তেওঁলোকে কয়, "অইলত ভি ডি পি নাথাকে ৷ চৰকাৰী অনুষ্ঠান হোৱা হ’লে আমি চালোহেতেন ৷ যদিহে আমাৰ দাবী মানি নলয় তেতিয়া হ’লে প্ৰতিবাদ অব্যাহত ৰাখিম ৷ ন্যায়ৰ বাবে আমি অইলৰ মুখ্য কাৰ্যালয়ত উলংগ প্ৰতিবাদ কৰিবলৈও সাজু ৷ আমি মন্ত্ৰী ৰামেশ্বৰ তেলী, অইল কৰ্তৃপক্ষক বহুবাৰ আবেদন নিবেদন কৰিছিলো ৷ কিন্তু এইক্ষেত্ৰত অইল কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷’’ পিচে অইল ভি ডি পি সুৰক্ষা কৰ্মীৰ প্ৰতিবাদক কিমান গুৰুত্ব দিয়ে অইল কৰ্তৃপক্ষই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷
লগতে পঢ়ক:Ranjit paddy seed: উন্নত মানৰ ৰঞ্জিত ধানৰ খেতি কৰি মূৰে-কপালে হাত দিছে কৃষকে