ETV Bharat / state

Matak Autonomous Council : মটক স্বায়ত্ত শাসিত পৰিষদৰ নৱ-নিযুক্ত পাৰিষদৰ শপত গ্ৰহণ - মটক স্বায়ত্ত শাসিত পৰিষদ

মটক স্বায়ত্ত শাসিত পৰিষদৰ এগৰাকী সদস্যৰ আসন খালী হৈ আছিল । বুধবাৰে সেই আসনখনৰ বাবে নৱ-নিযুক্ত পাৰিষদ দিবাকৰ সেনাপতিয়ে শপত গ্ৰহণ কৰে (MAC new member took charge)। শপত গ্ৰহণ অনুষ্ঠানত বিধায়ক বিনোদ হাজৰিকাৰ লগতে পৰিষদৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে ।

Moran
মটক স্বায়ত্ত শাসিত পৰিষদৰ নৱ-নিযুক্ত পাৰিষদৰ শপত গ্ৰহণ
author img

By

Published : Nov 3, 2022, 10:42 AM IST

মৰাণ,৩ নৱেম্বৰ : মটক জনগোষ্ঠীৰ সামগ্ৰীক উন্নয়নৰ স্বাৰ্থত ২০২১ চনৰ জানুৱাৰী মাহত ৰাজ্য চৰকাৰে গঠন কৰি দিছিল মটক স্বায়ত্ত শাসিত পৰিষদ (Matak Autonomous Council)। ২৫ জনীয়া সদস্যৰে গঠন হয় মটক স্বায়ত্ত শাসিত পৰিষদ । কিন্তু ইয়াৰে এগৰাকী সদস্য বিশেষ কাৰণত পৰিষদৰ পৰা অব্যাহতি লৈছিল । সেয়ে খালী হৈ আছিল পৰিষদৰ এখন আসন ।

এই খালী আসন পূৰণ কৰাৰ উদ্দেশ্যে বুধবাৰে চাবুৱা বহুমুখী প্ৰকল্প ভৱনত অনুষ্ঠিত হয় মটক স্বায়ত্ত শাসিত পৰিষদৰ নৱ-নিযুক্ত পাৰিষদৰ শপত গ্ৰহণ (Oath taking ceremony of MAC)। মটক স্বায়ত্ত শাসিত পৰিষদৰ নৱ-নিযুক্ত পাৰিষদ হিচাপে দিবাকৰ সেনাপতিয়ে শপত গ্ৰহণ কৰে । ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাসে নৱ-নিযুক্ত পাৰিষদ গৰাকীক শপত বাক্য পাঠ কৰায় ।

মটক স্বায়ত্ত শাসিত পৰিষদৰ নৱ-নিযুক্ত পাৰিষদৰ শপত গ্ৰহণ

ৰাজ্য চৰকাৰৰ সহযোগিতাত কিছুদিন পূৰ্বে খালী আসনখন পূৰণ কৰাৰ বাবে দিবাকৰ সেনাপতিক নতুনকৈ পাৰিষদ হিচাপে নিযুক্ত কৰা হয় ৷ শপত গ্ৰহণ অনুষ্ঠানটোত জিলাৰ অতিৰিক্ত উপায়ুক্তগৰাকীৰ লগতে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, মটক স্বায়ত্ত পৰিষদৰ অধ্যক্ষ সুৰুজ গোহাঁই, মুখ্য কাৰ্যবাহী সদস্য ডেভিদ চেতিয়া, উপাধ্যক্ষ দেৱৰ্ষী চেতিয়াকে ধৰি স্বায়ত্ত পৰিষদৰ পাৰিষদসকল আৰু বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক বিনোদ হাজৰিকাই মটক স্বায়ত্ত পৰিষদৰ কাম কাজক প্ৰশংসা কৰাৰ লগতে মটক জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ বাবেও দাবী উত্থাপন কৰে । জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰা বুলিও বিধায়ক বিনোদ হাজৰিকাই সংবাদ মাধ্যমক অৱগত কৰে ।

ইফালে মুখ্য কাৰ্যবাহী সদস্য ডেভিদ চেতিয়াই নতুন পাৰিষদগৰাকীক আদৰণি জনোৱাৰ লগতে মটক জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত কাম কৰিবলৈ প্ৰতিশ্ৰুতি দিয়ে । আনহাতে অহা বাজেটত জনগোষ্ঠীটোৰ উন্নয়নৰ স্বাৰ্থত বৃহৎ পুঁজি ঘোষণা কৰাৰ বাবেও অসম চৰকাৰক দাবী জনায় । তেওঁ আশা কৰা মতে চৰকাৰে মটক স্বায়ত্ত শাসিত পৰিষদৰ লগতে জনগোষ্ঠীটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ স্বাৰ্থত কাম কৰিবলৈ তেওঁলোকক সহযোগিতা আগবঢ়াব ।

লগতে পঢ়ক :Warm welcome to Pradip Kumar Doley: সদ্য অৱসৰপ্ৰাপ্ত ACS বিষয়া প্ৰদীপ দলেক গৃহভূমিত উষ্ম আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.