মৰাণ, 11 ডিচেম্বৰ: ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত কানৈ মহাবিদ্যালয়ত সংযোজন হ'ব এটা অত্যাধুনিক ছাত্ৰী নিবাস । "ৰুচা"ৰ তৰফৰ পৰা আৱন্টিত প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ এই ছাত্ৰী নিবাস ৷ শুকুবাৰে অনুষ্ঠানিক ভাৱে এই ছাত্ৰী নিবাসটিৰ অধাৰশিলা স্থাপন কৰে ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকনে ।
এই উপলক্ষে আয়োজন কৰা কাৰ্যসূচীত বিধায়ক প্ৰশান্ত ফুকনে ভাষণ প্ৰশংগত কয়, মহাবিদ্যালয় খনৰ ছাত্ৰী সকলৰ নিবাসৰ বাবে হোৱা অসুবিধা সমূহ এই ছাত্ৰীনিবাসে যথেষ্ট দূৰ কৰিব ৷ লগতে ঐতিহ্যমণ্ডিত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অগ্ৰণী ভূমিকা পালন কৰিব বিধায়ক গৰাকীয়ে । এই অনুষ্ঠানত মহাবিদ্যালয় খনৰ অধ্যক্ষ শশীকান্ত শইকীয়াৰ লগতে সকলো অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে।
লগতে পঢ়ক:চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা ডাঃ অজন্তা হাজৰিকাৰ স্বামীক আটক