মৰাণ,১৫ অক্টোবৰ: উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপি চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ডিব্ৰুগড়ত স্থানীয় লোকৰ ক্ষোভ প্ৰকাশ ৷ যি সময়ত সভা-সমিতিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে স্বাস্থ্য বিভাগৰ উন্নয়নৰ গান গাই আহিছে, তেনে সময়তে ডিব্ৰুগড়ত এখন এম্বুলেঞ্চ বিচাৰি হাহাকাৰ (Poor Ambulance service in Dibrugarh)কৰিবলগীয়া হোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোক ৷ ডিব্ৰুগড়ত বাৰে বাৰে স্বাস্থ্য বিভাগৰ ১০৮ জৰুৰীকালীন সেৱাৰ লগত সংযোগ স্থাপন কৰিও নাপালে কোনো সঁহাৰি ৷
ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডৰ আমূল পৰিৱৰ্তনৰ কথা কোৱাৰ সময়তে শণিবাৰে ডিব্ৰুগড় জিলাৰ খোৱাং হালমাৰী চাহ বাগিচাত (Khowang Halmari Tea Estate)সংঘটিত হৈছে এক শোকাবহ ঘটনা । হালমাৰী চাহ বাগিচাত আজি দুটি নৱজাত শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ (reactions on death of children) সৃষ্টি হৈছে । সময়মতে এম্বুলেঞ্চ নোপোৱাৰ বাবে চিকিৎসাৰ অভাৱত শিশু দুটিৰ মৃত্যু (children die for lack of treatment at Khowang)হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷
উত্থাপিত অভিযোগ অনুসৰি হালমাৰী চাহ বাগিচাৰ ৰাধা গ্ৰান্টৰ প্ৰকাশ পূজাৰীৰ পত্নী বিশ্বজ্যোতি পূজাৰীৰ আজি পুৱা প্ৰসৱ বেদনা আৰম্ভ হোৱাত পুৱা প্ৰায় ৬ বজাত বাগিচাৰ এম্বুলেঞ্চক খবৰ দিয়ে ৷ কিন্তু পুৱা ৮ বজালৈকে এম্বুলেঞ্চ গৈ নোপোৱাত মহিলাগৰাকীয়ে ঘৰতে প্ৰসৱ কৰে ৷ পিছত বাগিচাৰ চিকিৎসালয়ত শিশুটিৰ মৃত্যু হয় ৷
আনহাতে, একেখন বাগিচাৰে বজাৰ লাইনৰ জোন খৈয়াৰ পৰিয়ালত অনুৰূপ ঘটনা সংঘটিত হয় ৷ সময়মতে এম্বুলেঞ্চ নোপোৱাৰ বাবে চিকিৎসালয়লৈ আনিব নোৱাৰাত জোন খৈয়াৰ পত্নী ৰীনা খৈয়াই ঘৰতে প্ৰসৱ কৰে ৷ পিছত বাগিচাৰ চিকিৎসালয়ত কৰুণ মৃত্যুক আঁকোৱালি লয় দেৱ শিশুটিয়ে ৷ দুয়োটি শিশুৰে হালমাৰী চাহ বাগিচাৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ পাছত বাগিচাখনৰ চিকিৎসক ডাঃ হিমাংশু আৰিয়াই খোৱাং খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ (Khowang Block Primary Hospital) চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷
উল্লেখ্য যে ঘটনাটোৱে উদঙাইছে স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ । যি সময়ত শিশু আৰু মাতৃৰ সুৰক্ষাৰ বাবে চৰকাৰে অভিলাষী আঁচনি ঘোষণা কৰিছে তেনে সময়ত এইদৰে চিকিৎসাৰ অবিহনে নৱজাতকৰ মৃত্যু হোৱা ঘটনাই ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক: Prafulla Kumar Mahanta has recovered : চামগুৰিৰ বিবাহ অনুষ্ঠানত পত্নীসহ প্ৰফুল্ল কুমাৰ মহন