ETV Bharat / state

টিংখাঙত উদযাপন নেপালী ভাষাৰ স্বীকৃতি দিৱস - Felicitation in Nepali Language Recognition Day observation

ভাৰতীয় সংবিধানৰ অষ্টম(Eighth Schedule of Indian Constitution)অনুসূচীভূক্ত হোৱাৰ ৩০ বছৰ সম্পূৰ্ণ কৰে নেপালী ভাষাই। এই উপলক্ষে অসম গোৰ্খা সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ সমূহ শাখাৰ সহযোগত নেমুপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত শনিবাৰে নেপালী ভাষা স্বীকৃতি দিৱস উদযাপন কৰা হয় ।

Eighth Schedule of Indian Constitution
গোৰ্খা সন্মিলনৰ উদ্যোগত টিংখাঙত উদযাপন নেপালী ভাষাৰ স্বীকৃতি দিৱস
author img

By

Published : Aug 21, 2022, 5:30 PM IST

Updated : Aug 21, 2022, 10:55 PM IST

মৰাণ, ২১ আগষ্ট: নেপালী ভাষাই ভাৰতীয় ভাষা হিচাপে সংবিধানৰ অষ্টম অনুসূচীভূক্ত হোৱাৰ ৩০ বছৰ সম্পূৰ্ণ কৰিলে(Nepali Language Recognition Day observation in Tingkhang)। 1992 চনৰ পিছৰে পৰাই প্ৰত্যেক বছৰে 20 আগষ্টত নেপালী ভাষী গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে সমগ্ৰ দেশজুৰি ভাষাৰ স্বীকৃতি দিৱস হিচাপে পালন কৰে । এই উপলক্ষে অসম গোৰ্খা সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত তথা নেমুপথাৰ শাখা সমিতিৰ আতিথ্যত আৰু ডিব্ৰুগড় জিলাৰ সমূহ শাখাৰ সহযোগত নেমুপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত শনিবাৰে নেপালী ভাষা স্বীকৃতি দিৱস উদযাপন কৰা হয় ।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম গোৰ্খা সন্মিলনৰ(Assam Gorkha Sammelan)জিলা সভাপতি মোহন উপাধ্যায়, সাধাৰণ সম্পাদক লাল কুমাৰ তামাং, অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি কৰ্ণ ভোজেল, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জয় কুমাৰ চুতাৰকে সহাস্ৰাধিক ৰাইজ উপস্থিত থাকে । উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ৬০ বছৰৰ উৰ্ধৰ সমাজকৰ্মী তথা বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়(Felicitation in Nepali Language Recognition Day observation)।

গোৰ্খা সন্মিলনৰ উদ্যোগত টিংখাঙত উদযাপন নেপালী ভাষাৰ স্বীকৃতি দিৱস

উল্লেখ্য় যে ১৯৯২ চনৰ ২০ আগষ্টত ভাৰতীয় সংবিধানে(Constitution of India)ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত(Eighth Schedule of Indian Constitution)নেপালী ভাষাক স্বীকৃতি প্ৰদান কৰাৰ সময়ত ভাৰতীয় নেপালীসকলৰ(গোৰ্খা)বাবে এয়া এক সাফল্য়ৰ মুহূৰ্ত আছিল । সেয়েহে ১০ নিযুত ভাৰতীয় নেপালীয়ে 20 আগষ্টৰ ঐতিহাসিক দিনটো 'নেপালী ভাষা মান্যতা দিৱস' হিচাপে উদযাপন কৰে । শনিবাৰে এই ভাষাটোৱে ভাৰতীয় ভাষা হিচাপে স্বীকৃতি লাভ কৰাৰ তিনিটা দশক অতিক্ৰম কৰা উপলক্ষে ৰাজ্য়জুৰি এই দিৱস পালন কৰা হয় ৷

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী হ’বলৈ মন মেলিছে সাংসদ নৱ কুমাৰ শৰণীয়াই

Last Updated : Aug 21, 2022, 10:55 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.