ETV Bharat / state

প্ৰভুভক্তক লৈ ব্যস্ত নামৰূপৰ আৰক্ষী বিষয়া নৱ কুমাৰ বৰা

author img

By

Published : Jun 12, 2021, 12:51 PM IST

নিশা পদপথত এজাক প্ৰভুভক্ত(Street Dog)ক লৈ ব্যস্ত নামৰূপৰ এগৰাকী আৰক্ষী বিষয়া ৷ পদপথৰ প্ৰভুভক্ত কুকুৰ(Street Dog)ক প্ৰতিদিনে আহাৰ যোগান ধৰে আৰক্ষী বিষয়া নৱ কুমাৰ বৰাই ৷ নামৰূপৰ আৰক্ষী বিষয়া গৰাকীৰ এই পদক্ষেপক প্ৰশংসা কৰিছে এতিয়া নামৰূপবাসী তথা সচেতন মহলে ৷

প্ৰভুভক্তক লৈ ব্যস্ত নামৰূপৰ আৰক্ষী বিষয়া নৱ কুমাৰ বৰা
প্ৰভুভক্তক লৈ ব্যস্ত নামৰূপৰ আৰক্ষী বিষয়া নৱ কুমাৰ বৰা

নাহৰকটীয়া, 12 জুন : প্ৰভুভক্তৰ প্ৰতি অগাধ প্ৰেম এজন আৰক্ষী বিষয়াৰ ৷ পদপথৰ প্ৰভুভক্ত কুকুৰ(Street Dog)ক প্ৰতিদিনাই আহাৰ যোগান ধৰে নামৰূপৰ আৰক্ষী বিষয়া নৱ কুমাৰ বৰা (Naba Kumar Bora)ই । প্ৰতি নিশাই পদপথত থকা এজাক প্ৰভুভক্ত(Street Dog)ক লৈ ব্যস্ত হৈ থাকে আৰক্ষী বিষয়া গৰাকীয়ে ।

‘কুকুৰ শৃগাল গৰ্দভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম’-এই বাক্যশাৰী সৰোগত কৰি প্ৰভুভক্ত ৰূপে পৰিচিত কুকুৰক সহায়ৰ বাবে আগবাঢ়ি আহিছে ডিব্ৰুগড় জিলা নামৰূপৰ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰা (Naba Kumar Bora) ৷ ক’ভিড (covid)ৰ দ্বিতীয় লহৰ প্ৰতিৰোধৰ বাবে ৰাজ্যত বলৱৎ হৈছে কঠোৰ সান্ধ্য আইন ৷ এনে প্ৰেক্ষাপটত পদপথত ঘূৰি ফুৰা কুকুৰ বিলাকেও খাদ্যৰ অভাৱত ভুগিছে । সেয়ে, মানৱতাৰ খাতিৰত পদ পথত অনাই বনাই ঘূৰি ফুৰা প্ৰভুভক্ত কুকুৰ(Street Dog) কেইটাৰ কথা ভাবি আগবাঢ়ি আহিছে নামৰূপৰ আৰক্ষী বিষয়া গৰাকীয়ে ।

পৃথিৱীত কেৱল মানুহে নহয় সকলো প্ৰাণীৰে সমানে জীয়াই থকাৰ অধিকাৰ আছে ৷ গতিকে সকলো জীৱকূলৰ প্ৰতি আমাৰ থাকিব লগা উদাৰ মনোভাৱ প্ৰকাশ কৰিলে আৰক্ষী বিষয়াজনে ।

ইফালে আৰক্ষী বিষয়াগৰাকীৰ এনে মহান উদ্দেশ্যক সহাঁৰি জনাই আগবাঢ়ি আহিল হেমন্ত গগৈ, প্ৰণৱ চক্ৰৱৰ্তীকে ধৰি নামৰূপৰ একাংশ সচেতন লোক । ইফালে প্ৰভুভক্তক খাদ্যসামগ্ৰী যোগান ধৰা এই কাৰ্য প্ৰতিদিনে চলাই নিব বুলিও প্ৰকাশ কৰিলে আৰক্ষী বিষয়াজনে ৷

লগতে পঢ়ক: লাভলীনা বৰগোঁহাইক বিধায়ক বিশ্বজিৎ ফুকনৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.