ETV Bharat / state

1 কেজি কেঁচা চাহপাতৰ মূল্য 1 লাখ টকা

author img

By

Published : Mar 11, 2020, 8:05 PM IST

নাহৰকটীয়াৰ জয়পুৰত উৎপাদন হৈছে এক লাখ টকীয়া আন্তঃৰাষ্টীয় বজাৰ মূল্যৰ চাহ ৷ এক লাখ টকীয়া চাহ! শুনিবলৈ আচৰিত যেন লাগিলেও এই কথাই সঁচা ৷ এক কিলোগ্ৰাম চাহ পাতৰ দাম এক লাখ টকা ৷ উৎপন্ন হৈছে এইখন অসমৰে এক ভিতৰুৱা অঞ্চলত ৷ কোনে ক'ত কেনেকৈ উৎপাদন কৰিছে সৰ্বসাধাৰণ মানুহৰ ক্ৰয় ক্ষমতাই ঢুকি নোপোৱা এক লাখ টকীয়া কিলোগ্ৰাম মূল্যৰ এই চাহ ৷ জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন...

1 কেজি কেঁচা চাহপাতৰ মূল্য 1 লাখ টকা
1 কেজি কেঁচা চাহপাতৰ মূল্য 1 লাখ টকা

নাহৰকটীয়া, 11 মাৰ্চঃ এক কিলোগ্ৰাম চাহ পাতৰ দাম কিমান হ'ব পাৰে ? দহ হাজাৰ, 20 হাজাৰ বাৰ তাতকৈ বেছি 1 লাখ টকা ৷ কিন্তু এক কেজি কেঁচা চাহপাতৰ মূল্য কিমান হ'ব পাৰে ? আপুনি মই নভৱা এটা মূল্য ৷ এক কেজি কেঁচা চাহ পাতৰ মূল্য এক লাখ টকা হৈছেগৈ ৷ ডিব্ৰুগড় জিলাৰ জয়পুৰৰ ডালিম বৰাৰ চাহ বাগিছাত উৎপাদন হোৱা চাহৰ চৰা দামে বাতৰিৰ শিৰোণাম দখল কৰিছে ৷ আঠ বছৰ পূৰ্বে জৈৱিক কৃষি কৰ্মৰে চাহপাত উৎপাদন কৰা এই চাহ বাগিছা খনৰ চাহ পাত আজি সমগ্ৰ বিশ্বতে জিলিকি উঠিছে ৷ গ্ৰীণ টি,পাৰ্পল টি, অলং টিৰ ওপৰিও সম্প্ৰতি খেতিয়কজন ব্যস্ত বগা বৰণৰ চাহ অৰ্থাৎ White Tea উৎপাদন কৰাত ৷ কিন্তু হোৱাইট টি মানেনো কি ?

NAHARKATIA FARMER PRODUCE WHITE TEA WORTH RS 1 LACS ETV BHARAT ASSAM DIBRUGARH
White Teaৰ আন্তৰাষ্টীয় বজাৰত আছে প্ৰচুৰ চাহিদা

কিছুমান বিশেষ জাতৰ চাহপাতৰ গছৰ পৰা তৈয়াৰ কৰা হয় হোৱাই টি ৷ য'ত থাকে কেঞ্চাৰ ৰোগৰ সম্ভাৱনাক প্ৰতিহত কৰিব পৰাৰ দ্ৰব্য,কাৰ্ডিঅ ভাস্কুলাৰ ৰোগক বাধা দিব পৰাৰ ক্ষমতাৰ লগতে এণ্টি এজিং,এণ্টি অক্সিডেণ্ট,মুখ গহ্বৰৰ বীজাণুনাশকৰ ওপৰিও White Teaত পোৱা গৈছে মধুমেহ ৰোগ প্ৰতিৰোধৰ বিশেষ গুণাগুণ ৷ সেয়ে White Teaৰ আন্তৰাষ্টীয় বজাৰত আছে প্ৰচুৰ চাহিদা ৷ অতি উচ্চ মূল্য দি ক্ৰয় কৰে Switzerland, New zealand, Australia, Americaৰ দৰে দেশসমূহে ৷

নাহৰকটীয়াৰ জয়পুৰত উৎপাদন হৈছে এক লাখ টকীয়া চাহপাত

প্ৰথমটো বৰ্ষত ডেৰ কিলো White Tea উৎপাদন কৰিবলৈ সক্ষম হোৱা প্ৰগতিশীল খেতিয়কজনে পৰবৰ্তী সময়ত White Teaৰ উৎপাদন তিনি গুণলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে ৷ ডালিম বৰাই অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃ ৰাজ্যৰো বহুতকে জৈৱিক কৃষিৰে গুণমান সম্পন্ন চাহ উৎপাদন তথা গ্ৰীণ টি পাৰ্পল টি, অলং টি,White Tea উৎপাদনৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ৷ নাহৰকটীয়াৰ জয়পুৰৰ ডালিম বৰাৰ এই প্ৰচেষ্টাই আশাৰ সঞ্চাৰ কৰিছে ৰাজ্য আন আন চাহ খেতিয়ক সকলৰ বাবে ৷

এক লাখ টকীয়া চাহ!

প্ৰতি কিলো White Teaৰ চৰা দামে আন্তৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ লগতে অৰ্থনৈতিকভাৱে সচ্ছল কৰিব পাৰিব চাহ খেতিয়কসকলক ৷ লগতে এখন উৎকৃষ্ট মানৰ চাহৰ বজাৰো দখল কৰাত সহায় কৰিব ৷

এক কেজি কেঁচা চাহপাতৰ মূল্য কিমান হ'ব পাৰে ?

লগতে চাওকঃগছৰ পাতেৰে থাল-বাতি তৈয়াৰ কৰি স্বাৱলম্বী জোনাইৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.