নাহৰকটীয়া, 16 আগষ্ট : ভাৰতবৰ্ৰষৰ সৰ্বকালৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক দেওবাৰে দেশজুৰি সোঁৱৰণ কৰা হয় ৷ দুবছৰ পূৰ্বে 16 আগষ্টত নৱ ভাৰত নিৰ্মাণৰ গুৰি ধৰোঁতা তথা ভাৰতীয় জনতা পাৰ্টীৰ জন্মদাতা, দেশৰ ভূতপূৰ্ব প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱৰ দেহাৱসান ঘটিছিল ৷ তেওঁৰ মৃত্যু তিথিত ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলাৰ কাৰ্যালয়তো আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰা হয় ৷
বিজেপিৰ কাৰ্যকৰ্তা সকলৰ লগতে বাজপেয়ীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পন আৰু বন্তি প্ৰজ্বলনৰে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে ডিব্ৰুগড় জিলাৰ সাংসদ তথা কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ ইফালে স্মৃতি দিৱসৰ দিনটোত নাহৰকটীয়া মণ্ডল বিজেপিয়েও ভাৰতৰত্ন, পদ্মভূষণ, অসম হিতৈষী প্ৰাক্তন জনপ্ৰিয় প্ৰধানমন্ত্ৰী গৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে ৷
লগতে পঢ়ক : এমুঠি চানাৰ বাবে উত্তপ্ত অৰিয়ান্টলীঃ সান্ধ্য আইন জাৰি