মৰাণ, 3 এপ্ৰিল : মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত শনিবাৰে আগন্তুক বানপানী আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ল'বলগীয়া প্ৰস্তুতি আৰু পদক্ষেপ সৰ্ম্পকে এখন বৈঠক অনুষ্ঠিত হয় । মৰাণ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰাজহ চক্ৰটোৰ অৰ্ন্তগত গাওঁবুঢ়া, আই.চি.ডি.এছ চুপাৰভাইজাৰ আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ লগতে বিভিন্ন সংলগ্ন বিভাগসমূহৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠক ৷
![Moran circle office meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8030to8033-animportantmeetingatmorancircleoffice-as10031_03042021172318_0304f_1617450798_438.jpg)
উক্ত বৈঠকত গাওঁবুঢ়াসকলক সকলো সময়তে সজাগ, সচেতন হোৱাৰ লগতে বিদুৎ, বন, পশুপালন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ উপস্থিত সকলোকে অৱগত কৰা হয় । স্বেচ্ছাসেৱী সংগঠন ৰবিন হুড আৰু ৰেডক্ৰছ ছ‘চাইটিক যিকোনো জৰুৰী অৱস্থাত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে অনুৰোধ জনোৱা হয় ৷
![Moran circle office meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8030to8033-animportantmeetingatmorancircleoffice-as10031_03042021172318_0304f_1617450798_815.jpg)
লগতে কৃষি উন্নয়ন বিষয়া সকলক বানপানীৰ সময়ত গাওঁসমূহৰ সঠিক তালিকা প্ৰস্তুত কৰাৰ উপৰিও যাতে বানপানীৰ সময়ত সঠিকভাবে শিশুখাদ্য প্ৰদান কৰিব পৰা যায় তাৰ বাবে আই.চি.ডি.এছ চুপাৰভাইজাৰ সকলক উক্ত অঞ্চলৰ শিশুসকলৰ সঠিক তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান জনোৱা হয় ৷
লগতে পঢ়ক: 24 ঘন্টা হ্ৰাস পালে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত থকা নিষেধাজ্ঞা