মৰাণ, 24 জুন: সম্প্ৰতি ৰাজ্য চৰকাৰে সান্ধ্য আইন(Curfew) তথা আংশিক লকডাউন (Partial lock down)ৰ ক্ষেত্ৰত কিছু শিথিলতা অনাৰ লগে লগে ডিব্ৰুগড় চহৰত দেখা গৈছে এক ভয়াৱহ ছবি ৷ শুকুৰবাৰৰ পৰা কিছু শিথিলতা অনাত ভয়াৱহভাৱে চহৰ তথা বজাৰ অঞ্চলত দেখা গ'ল ব্যাপক জন সমাগম ৷ ডিব্ৰুগড়ৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাত কৰ'ণাই এতিয়াও ভয়াৱহ ৰূপ ধাৰণ কৰি থকাৰ সময়তে ডিব্ৰুগড়ৰ একাংশ জনসাধাৰণৰ যেন কোনো গুৰুত্বই নাই এই বিষয়ক লৈ ৷
মহামাৰীৰ ভয়াৱহ সংক্ৰমণে সমগ্ৰ বিশ্বক জুৰুলা কৰাৰ পাচতে ৰাজ্য চৰকাৰে প্ৰতিৰোধ ব্যৱস্থা হিচাপে সান্ধ্য আইন (curfew) আৰু আংশিক লকডাউন (partial lock down) বলবৎ কৰিছিল ৷ ৰাজ্যৰ জনতাক মহামাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ বাবে দৈনিক নীতি নিৰ্দেশনা (SOP) সলনি কৰাৰ পাচতো সচেতন নহয় ডিব্ৰুগড়ৰ একাংশ লোক ৷ কিছু সংখ্যক লোকে সচেতনতা অৱলম্বন কৰিছে যদিও তাৰ মাজতে কিন্তু একাংশই ভংগ কৰি আহিছে সকলো চৰকাৰী নিৰ্দেশনা ৷
ৰাজ্যখনৰ বহু জিলাৰ ক'ভিড পৰিস্থিতি কিছু সুস্থিৰ হৈছে যদিও ডিব্ৰুগড় জিলাৰ মৰাণৰ ক'ভিড পৰিস্থিতি আজিও ভয়ানক হৈ আছে । মৰাণৰ এই ক'ভিড পৰিস্থিতিক লৈ শংকা প্ৰকাশ কৰিলে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে । কিয়নো ৰাজ্যৰ বহু ঠাইত ক'ভিড পৰিস্থিতি সুস্থ হোৱাৰ বিপৰীতে মৰাণৰ বহু গাঁৱক এতিয়াও কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈ আছে । ইয়াৰ ওপৰিও মৰাণ আৰু খোৱাঙত প্ৰতিদিনেই ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হৈ আছে ৷
উল্লেখ্য যে, ৰেড জ'ন(red zone) হিচাপে চিহ্নিত হৈ থকা ডিব্ৰুগড়ৰ শেহতীয়া ক'ভিড (covid) পৰিস্থিতি মুঠেও নিয়ন্ত্ৰণলৈ নহাত ৰাজ্য চৰকাৰ (state govt) উদ্বিগ্ন হৈ থকাৰ সময়তো ডিব্ৰুগড়ৰ এনে পৰিস্থিতি নিয়ন্ত্ৰণত জিলা তথা আৰক্ষী প্ৰশাসন বিফল হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিশেষকৈ ডিব্ৰুগড়ৰ চহৰৰ নতুন বজাৰ, মিলন নগৰ ইত্যাদি ঠাইত সান্ধ্য আইন শিথিল হোৱাৰ লগে লগে বজাৰ কৰিবলৈ ওলাই আহে একাংশ লোক ৷
বিধায়ক চক্ৰধৰ গগৈয়ে জানিবলৈ দিয়া মতে, মৰাণ সমষ্টিৰ বিশেষকৈ হালধিবাৰী পঞ্চায়ত আৰু ধেমেচী গাঁও পঞ্চায়তত বৰ্তমানেও ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে । গতিকে ৰাজ্যবাসীক বৰ্তমানেও ক'ভিড নীতি নিয়ম মানি সজাগ হৈ থাকিবলৈ আহ্বান জনাই বিধায়কগৰাকীয়ে । লগতে আগন্তুক 15 টা দিন ৰাইজে আৰু অধিক সজাগ হৈ থাকিলেহে ক'ভিডক জয় কৰিব পাৰিব বুলিও উল্লেখ কৰে ৷
লগতে পঢ়ক: ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ ৰাইজৰ কাষত মন্ত্ৰী বিমল বৰা